ভিলেজ ৰকষ্টাৰ মুক্তিৰ প্ৰাক্‌মুহূৰ্তত আজি ৰিমা দাসৰ সংবাদমেল সম্বোধন

ভিলেজ ৰকষ্টাৰ মুক্তিৰ প্ৰাক্‌মুহূৰ্তত আজি ৰিমা দাসৰ সংবাদমেল সম্বোধন

অস্কাৰৰ বাবে ভিলেজ ৰকষ্টাৰ ছবিখন মনোনীত হোৱাৰ বাবে পৰিচালক ৰিমা দাস যথেষ্ট আনন্দিত । ইয়াৰ বাবে তেওঁ ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে ৷

আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলযোগে অস্কাৰৰ বাবে মনোনীত ভিলেজ ৰকষ্টাৰ ছবিৰ পৰিচালক ৰিমা দাসে এই কথা ব্যক্ত কৰে ৷ সংবাদমেলখনত ৰিমা দাসে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ভিলেজ ৰকষ্টাৰ ছবিৰ বহুতো কথা ।

তেওঁ প্ৰকাশ কৰে যে ভিলেজ ৰকষ্টাৰৰ বাবে চাৰি বছৰ দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ দৃশ্যগ্ৰহণ ছয়গাঁৱত হৈছিল । এই সময়খিনিত তেওঁৰ একমাত্ৰ অস্ত্ৰ আৰু লগৰী কেমেৰাটোৱে আছিল বুলিও তেওঁ জনায় ।

বৰ্তমান ছবিখনৰ বাবে সকলোৱে তেওঁক যেনেদৰে আৰ্থিকভাৱে সহায় কৰিছে সেয়া দেখি তেওঁৰ অস্কাৰ পোৱাৰ দৰেই অনুভৱ হৈছে বুলিও নিজৰ অনুভূতি ব্যক্ত কৰে । আনহাতে, অসম চৰকাৰে ছবিখনৰ আমোদ কৰ ৰেহাই দিয়াৰ লগতে ৫০ লাখ টকাৰ আৰ্থিক সাহায্যৰ বাবে তেওঁ অসম চৰকাৰক ধন্যবাদ জনায় ।

অতি সৰলতাৰে ৰিমা দাসে সাধাৰণ মানুহৰ মৰম দেখি তেওঁলোকৰ পৰা ছবিখন চোৱাৰ বাবদ পইচা ল'বলৈ ভাল লগা নাই বুলিও সংবাদমেলখনত সদৰী কৰে । আজিৰ সংবাদমেলত ৰিমা দাসৰ লগতে উপস্থিত থাকে বাণী দাস ৷

বাণী দাসে ভিলেজ ৰকষ্টাৰ ছবিখনৰ বিষয়ে ব্যাখ্যা কৰি কয় যে এইখন অসমীয়া মানুহৰ, আমাৰ ছবি হৈছে । গতিকে আমি টিকট কাটি এই ছবিখন চাম । লগতে শুকুৰবাৰে সন্ধিয়া ৭ বজাত মহানগৰীৰ অনুৰাধা ছবিগৃহত এখন সংবাদমেল আয়োজন কৰাৰ কথাও উল্লেখ কৰে বাণী দাসে ।

সংবাদমেলৰ অন্তত সকলোৱে মিলি টিকট কাটি ভিলেজ ৰকষ্টাৰ ছবিখন উপভোগ কৰাৰ কথাও জানিবলৈ দিয়ে ।

Your Comments