২৮ ছেপ্টেম্বৰত অসমৰ ছবিগৃহলৈ 'ভিলেজ ৰকষ্টাৰ' : শদিয়াৰপৰা ধুবুৰীলৈ দৰ্শকৰ হেঁপাহৰ ঢল

২৮ ছেপ্টেম্বৰত অসমৰ ছৱিগৃহলৈ 'ভিলেজ ৰকষ্টাৰ' : শদিয়াৰপৰা ধুবুৰীলৈ দৰ্শকৰ হেঁপাহৰ ঢল

৮৩ বছৰীয়া অসমীয়া কথাছবি ইতিহাসত এক অনন্য মাত্ৰা প্ৰদান কৰি আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা বহুল চৰ্চিত ছবি 'ভিলেজ ৰকষ্টাৰে' মুক্তি পাব অহা ২৮ ছেপ্টেম্বৰত। অস্কাৰ বঁটাৰ মনোনয়নৰ বাবে ভাৰতীয় ছৱিৰূপে অফিচিয়েল এণ্ট্ৰী লাভ কৰিছে অসম কন্যা ৰীমা দাসৰ এই ছৱিখনে ।

'ভিলেজ ৰকষ্টাৰ' চোৱাৰ বাবে এতিয়া হেঁপাহৰ ঢল বৈছে শদিয়াৰপৰা ধুবুৰীলৈকে।গুৱাহাটী মহানগৰীতো ছবিখন চোৱাৰ বাবে হেঁপাহেৰে বাট চাই আছে প্ৰতিজন মহানাগৰিকে সেই বিশেষ দিনটোলৈ ।

ইতিমধ্যে মহানগৰৰ বহু কেইটা ছবিগৃহত ছবিখন চোৱাৰ বাবে আগতীয়াকৈ টিকট বুকিং কৰিছে ভালে সংখ্যক দর্শকে । তাৰ মাজতে আহিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ছবিখনৰ বাবে এক শুভ বতৰা।

ছবিখনক সম্পূৰ্ণ কৰৰপৰা ৰেহাই দিছে ৰাজ্য চৰকাৰে ।ইয়াৰ উপৰি ছবিখনৰ প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে পৰিচালক ৰীমা দাসকএ ৫০ লাখ টকা সাহায্য  দিব বুলিও জানিবলৈ দিছে ।

ইতিমধ্যে ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলিবলৈ সক্ষম হৈছে। 'ধুনু'ৰ সপোনৰ আধাৰত নিৰ্মিত ছবিখনৰ শুভ মুক্তিৰ উপলক্ষে মহানগৰীৰ প্ৰতিটো ছবি গৃহতে দৰ্শকৰ সুবিধাৰ বাবে প্ৰচাৰৰ কৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এতিয়া মাথোঁ অপেক্ষা অহা ২৮ ছেপ্টেম্বৰৰ সেই দিনটোলৈ ।

Your Comments