৬১সংখ্যক পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন

A

নিউজ ডেস্ক:

অসমীয়াৰ হেঁপাহৰ বাপতিসাহোন ৰঙালীবিহু উদযাপন কৰাৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি।বিগত দুটাকৈ বছৰ ক'ৰনাই ম্লান কৰা হেঁপাহৰ ৰঙালী এইবাৰ উলহ-মালহেৰে আয়োজনৰ প্ৰস্তুতি চলিছে শদিয়াৰ পৰা ধুবুৰীলৈ।আজি  ৬১সংখ্যক পূৱ গুৱাহাটী বিহু সন্মিলনে অন্য বৰ্ষসমূহৰ দৰে চানমাৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত পৰম্পৰাগত ৰীতি-নীতিৰ মাজৰে ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰে।লাইখুঁটাৰ স্থাপন কৰে বিহু সন্মিলনৰ উপদেষ্টা মৃদুল বেজবৰাই।১৪ -১৭ এপ্ৰিললৈ চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব পূৱ গুৱাহাটী বিহু সন্মিলন।চানমাৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগা বিহু সন্মিলন খনৰ এইবাৰ বাজেট প্ৰায় ৪০লাখতকৈ অধিক।সংবাদ মাধ্যমক এই কথা অৱগত কৰি সন্মিলনখনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই কয়-থলুৱা সংস্কৃতি আৰু নৱপ্ৰজন্মক বিহু মঞ্চখনত অধিক সুযোগ দিয়া হ’ব। বিহু মঞ্চত জাতীয় সাজপাৰ পৰিধান কৰিহে শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব পাৰিব।লগতে হিন্দী গীত বিহুমঞ্চত পৰিৱেশন কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে ঠাকুৰীয়াই।

Your Comments