চান্দা তুলি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব নালাগে শিল্পীক --জুবিন গাৰ্গ

A



নিউজ ডেস্ক:
চান্দা তুলি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব নালাগে শিল্পীক -এই মন্তব্য অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ।তেজপুৰত নেমকেয়াৰ হাস্পতালৰ হৈ সাংবাদিকৰ মাজত হেল্থ কাৰ্ড বিতৰণৰ অন্তত এই মন্তব্য কৰে জুবিন গাৰ্গে।
সাংবাদিকৰে হোৱা বাৰ্তালাপত শিল্পীগৰাকীয়ে কয় যে চান্দা তুলি শিল্পীক ধন দিয়াটো অনুচিত। এই চান্দা সংস্কৃতি বন্ধ কৰাৰো আহ্বান জনায় জুবিনে।
অৱশ্যে কোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে কোনো ব্যক্তিয়ে আগ্ৰহেৰে প্ৰদান কৰা বৰঙণি চান্দা নহয় বুলিও স্পষ্ট কৰি দিয়ে যুৱ প্ৰজন্মৰ হাৰ্ট থ্রৱ গৰাকীয়ে।উল্লেখ্য যে ,বিহুৰ নামত ’চান্দা’ সংগ্ৰহৰ বিৰােধী জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ। ব্যক্তিগতভাৱে চান্দাক বেয়া পাওঁ বুলি মুকলিকৈ প্ৰকাশ জুবিন গাৰ্গৰ।

Your Comments