বৰপেটাক স্বচ্ছ জিলা হিচাপে গঢ়াৰ অংগীকাৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ 

বৰপেটাক স্বচ্ছ জিলা হিচাপে গঢ়াৰ অংগীকাৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ 

বৰপেটা জিলাখনক স্বচ্ছ জিলা হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে ৷ বৰপেটাক স্বচ্ছ কৰি তোলাৰ প্ৰয়াসক বাস্তৱ কৰি তোলাৰ বাবে ইতিমধ্যে লোৱা হৈছে ব্যাপক কাৰ্যসূচী ৷

বৰপেটা জিলা প্ৰশাসন, বৰপেটা আৰক্ষী প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে যুটীয়াভাৱে জিলাখনৰ সাধাৰণ ৰাইজৰ সহযোগত স্বচ্ছ অভিযান কাৰ্যসূচী ব্যাপকভাৱে হাতত লোৱাৰ বাবে ইতিমধ্যে কৰ্মসূচী প্ৰস্তুত কৰিছে ৷

মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে ২০২১ চনত দেশখন স্বচ্ছ আৰু নিকা কৰি গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি লক্ষ্য স্থিৰ কৰিছে তাৰ অংশস্বৰূপে বৰপেটা জিলাখনকো নিকা আৰু স্বচ্ছ জিলা হিচাপে গঢ়ি তোলাৰ কৰ্মসূচী হিচাপে মঙলবাৰে বৰপেটা আৰক্ষী নিবেশত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷

১৫ ছেপ্টেম্বৰৰ ২ অক্টোবৰলৈ কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা স্বচ্ছতাই সেৱা-২০১৮ কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত এই সজাগতা সভাখনত বৰপেটাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা, অতিৰিক্ত উপায়ুক্ত মনোজ চিকাৰিয়া, উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা মিছন সমন্বয়ক অৰ্পণা অধিকাৰী আৰু শিক্ষা বিভাগৰ আঁচনি বিষয়া নিৰঞ্জন ওজাই অংশগ্ৰহণ কৰে ৷

বৰপেটাক স্বচ্ছ জিলা হিচাপে গঢ়াৰ অংগীকাৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ 

সভাখনত অংশগ্ৰহণ কৰি আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই স্বাধীনতাৰ সাতটা দশক পিছতো দেশখন স্বচ্ছ কৰি তোলাৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷

আৰক্ষী, গাঁওৰক্ষী বাহিনী, স্থানীয় লোক আদিৰ সহযোগত প্ৰতিখন গাঁও, প্ৰতিটো অঞ্চল স্বচ্ছ কৰি তোলাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰা হ'ব বুলিও প্ৰকাশ কৰে ৷ ইপিনে অতিৰিক্ত উপায়ুক্ত মনোজ চিকাৰিয়াই সভাখনত অংশগ্ৰহণ কৰি নিজৰ ঘৰখন, নিজৰ পদূলিমুখ, ঘৰৰ সন্মুখৰ বাটটো চাফ-চিকুণ কৰি ৰখাৰ মানসিকতা গঢ় লোৱাৰ লগে লগেই দেশখনো স্বচ্ছ হৈ উঠিব বুলি ব্যক্ত কৰে ৷

এই ক্ষেত্ৰত পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ ভূমিকা অধিক বুলি মন্তব্য কৰি শিশুসকলক শৈশৱৰে পৰাই স্বচ্ছতাৰ প্ৰতি সজাগ কৰি তোলাৰ ওপৰতে স্বচ্ছ অভিযানৰ সফলতা বুলি মন্তব্য কৰে ৷ সভাখনত উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য, অৰ্পণা অধিকাৰী আৰু নিৰঞ্জন ওজায়ো ভাষণ দিয়ে ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলাখনৰ অন্তৰ্গত থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়া, গাঁওৰক্ষী বাহিনী, গৃহৰক্ষী জোৱান আদিয়ে অংশগ্ৰহণ কৰে ৷

এই সভাখনত বৰপেটাক স্বচ্ছ জিলা হিচাপে গঢ়ি তোলাৰ বাবে প্ৰতিজন লোকেই অংগীকাৰ গ্ৰহণ কৰে ।

Your Comments