শিৱসাগৰ জিলাৰ দিখৌমুখৰ লখেশ্বৰী হাজিৰকা (৬০) নামৰ এগৰাকী মহিলাৰ আজি ব্ৰহ্মপুত্ৰত কথমপি প্ৰাণ ৰক্ষা পৰে ৷ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হোৱা মহিলাগৰাকীক জীৱন্তে উদ্ধাৰ কৰে তিনিজন মাছমৰীয়াই ৷
ঘটনাৰ বিৱৰণী মতে, পুৱা ৮মান বজাত গা-ধুবলৈ যোৱা মহিলাগৰাকী ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে দুপৰীয়া ১ বজাত তেওঁৰ সন্ধান কৰে ৷ নদীৰ কাষৰ এখন নাৱত লাভ কৰা এপাত সোণৰ খাৰু আৰু এটা আঙুঠি উদ্ধাৰ হোৱাত স্থানীয় ৰাইজে মহিলাগৰাকীৰ সন্ধানত নদীত উদ্ধাৰ অভিযান চলায় যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নোহোৱাত শিৱসাগৰস্থিত এন ডি আৰ এফ বাহিনীয়েও মহিলাগৰাকীক উদ্ধাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত অভিযান চলায় ৷
পিছত জীৱন্ত অৱস্থাত মহিলাগৰাকীক ব্ৰক্ষ্মপুত্ৰৰ মাজৰ বালিচৰত উদ্ধাৰ কৰে তিনিজন মাছমৰীয়াই ৷
উদ্ধাৰ কৰা মাছমৰীয়া কেইজন হ'ল পবিত্ৰ দাস, মইনা শইকীয়া আৰু চিভিল দাস ৷ পিছত মহিলাগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
- Log in to post comments
- 24 views