আন্তৰ্জাতিক মানৰ কৰিব লাগিব অসম পৰ্যটনক

আন্তৰ্জাতিক মানৰ কৰিব লাগিব অসম পৰ্যটনক

 

                     মৰমী ভট্টাচাৰ্য (ৰাজখোৱা)

বৰ্তমান বিশ্বত পৰ্যটন উদ্যোগক সম্ভাৱনাস্থলী আৰু গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে গণ্য কৰা হৈছে৷ বিশ্বৰ বৃহৎ উদ্যোগসমূহৰ তালিকাত পৰ্যটন উদ্যোগ তৃতীয় স্থানত আছে৷ World Tourism Organisation নামৰ অনুষ্ঠানটোৱে এক সমীক্ষাত প্ৰকাশ কৰিছে যে ২০২০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে পৰ্যটন উদ্যোগ বৃহত্তম উদ্যোগ হিচাপে পৰিগণিত হ’ব৷

অসমকে ধৰি ভাৰতৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ইমানেই প্ৰাকৃতিক সৌন্দৰ্য আছে যে এইবোৰৰ সূচাৰুৰূপে বিপণন আৰু পৰিচালনা কৰিব পাৰিলে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ ছবিখনেই সলনি হৈ যাব৷ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই অতীতৰ পৰাই ঋষি-মুনিকে ধৰি পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে৷ প্ৰাকৃতিক সৌন্দৰ্যৰ অপৰূপ ভাণ্ডাৰ হ’ল অসম৷ অপৰূপা প্ৰকৃতিৰ অৱদান অসম৷ অসমৰ প্ৰকৃতিৰ বৈশিষ্ট্যই সুকীয়া৷ গছ-গছনি, নদ-নদী, জীৱ-জন্তু, নদী-দ্বীপ, কাজিৰঙা-মানাহকে ধৰি ৫খন ৰাষ্ট্ৰীয় উদ্যান, কে’বাখনো অভয়াৰণ্য, বুৰঞ্জীমূলক কীৰ্তিচিহ্ন আদি কৈ থাকিলে অন্ত নপৰা কত যে আছে৷ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আৰু বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ আছে এইখন আন্তৰ্জাতিক মানৰ কৰিব লাগিব অসম পৰ্যটনকঅসমতে৷ বিশাল ব্ৰহ্মপুত্ৰ, যাৰ বুকুতে আছে অসমৰ কলা-কৃষ্টি-সভ্যতা, যাৰ পাৰতে গঢ়ি উঠিছে বিভিন্ন জনগোষ্ঠীৰ কলা-কৃষ্টি৷ মঠ-মন্দিৰ, দেৱ-দেৱালয়, সত্ৰ আদি ধৰ্মমূলক স্থানৰ লগতে আছে বহু কীৰ্তিচিহ্ন৷ এই থলীসমূহলৈ তীৰ্থযাত্ৰী তথা পৰ্যটকৰ আগমন হয়৷ মুঠতে অসমখন পৰ্যটকৰ ৰম্যভূমি হিচাপে গঢ়ি তোলাৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে৷ উজনি, নামনি, মধ্য অসমৰ প্ৰায়বোৰ অঞ্চলতেই আছে পৰ্যটনৰ সমল৷ ডঃ ভূপেন হাজৰিকাই সেয়েহে গীতৰ মাজেৰে প্ৰকাশ কৰিছিল অসমী আইৰ ৰূপ-লাৱণ্য- “অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ৷” অৱশ্যে অসমলৈ পৰ্যটনৰ আগমন নঘটা নহয়৷ মাজুলীৰ সত্ৰসমূহ, কামাখ্যাকে ধৰি দেৱ-দেৱালয়, তেজপুৰৰ ঊষা-অনিৰুদ্ধৰ কীৰ্তিচিহ্ন, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত মন্দিৰ-দেৱালয় আদিয়ে পৰ্যটকক আকৰ্ষণ কৰি আহিছে৷ মনোৰঞ্জনৰ লগতে গৱেষণাৰ বাবেও বহু লোকৰ সমাহাৰ হয় এই পৰ্যটন থলীসমূহলৈ৷ বিভিন্ন জনগোষ্ঠীৰ কলা-নৃত্য-গীত উপভোগ কৰিবলৈ পৰ্যটক আহে৷ শীতকালত অসমৰ জলাশয়বোৰলৈ বহুতো পৰিভ্ৰমী চৰাই আহে, যাৰফলত সৃষ্টি হয় এক স্বৰ্গীয় মনোৰম দৃশ্য, যিয়ে পৰ্যটকক আকৰ্ষণ কৰি আহিছে৷ এশিঙিয়া গঁড় চাবলৈ কাজিৰঙালৈ বিদেশী পৰ্যটকৰো আগমন ঘটে৷ অসমত থকা চাহ বাগিচাসমূহকো পৰ্যটনৰ থলী হিচাপে গণ্য কৰিব পাৰি৷ বিশ্বনাথত অৱস্থিত মোনাবাৰী চাহ বাগিচা পৃথিৱীৰ দ্বিতীয় বৃহৎ আৰু এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ চাহ বাগিচা৷ চাহ বাগিচাবিলাকৰ লগত জড়িত হৈ থকা ব্ৰিটিছৰ দিনৰে অনুষ্ঠানসমূহ যেনে হেলিপেড, ডাকবঙলা, গল্ফ ফিল্ড, ফেক্টৰী আদি পৰ্যটক তথা উদ্যোগীসকলৰ বাবেও আকৰ্ষণীয়, য’ৰ পৰা মনোৰঞ্জননৰ লগতে ব্যৱসায়িক জ্ঞানো অৰ্জন কৰিব পাৰি৷ সেয়ে অসমত টী-টুৰিজিম বিকাশৰো সম্ভাৱনীয়তা আছে বুলি ক’ব পাৰি৷

পৰ্যটন উদ্যোগৰ লগত জড়িত হৈ থকা এটা নতুন ধাৰণা হ’ল ইক’-টুৰিজিম৷ এই ধাৰণাটোৰ উন্নয়ন আৰু মানুহৰ অৰ্থনৈতিক উন্নয়নৰ উদ্দেশ্যে অসমৰ পৰ্যটনৰ অঞ্চলসমূহ পৰিৱেশ অনুকূল পৰ্যটনৰ কেন্দ্ৰৰূপে গঢ়ি তুলিব লাগিব৷ ইক’-টুৰিজিমৰ উদ্দেশ্য হ’ল সংৰক্ষণ আৰু উত্তৰণ৷ ইয়াৰ বাবে লাগিব চৰকাৰ আৰু জনসাধাৰণৰ সামূহিক প্ৰচেষ্টা৷ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা প্ৰাকৃতিক সম্পদ আৰু বুৰঞ্জীমূলক কীৰ্তিচিহ্ন-এই সকলোতে আছে গৱেষণাৰ সমল৷ যিয়ে গৱেষকসকলক আকৰ্ষণ কৰে৷ সেয়ে পৰ্যটনথলীসমূহক গৱেষণাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব৷ প্ৰয়োজন অনুযায়ী সংগ্ৰাহলয় নিৰ্মাণ কৰি পূৰাতাত্ত্বিক সামগ্ৰীৰ উপৰি কলা-সংস্কতিক প্ৰতিনিধিত্ব কৰা সামগ্ৰীৰ সংৰক্ষ ণৰ ব্যৱস্থা কৰিব লাগিব৷

আন্তৰ্জাতিক মানৰ কৰিব লাগিব অসম পৰ্যটনক

বৰ্তমান সময়ত পৰ্যটন উদ্যোগ হৈ পৰিছে বিশ্বৰ এক বৃহৎ ব্যৱসায়৷ উন্নত দেশবোৰত এই উদ্যোগ ক্ষিপ্ৰ গতিত আগবাঢ়িছে৷ পৰ্যটন উদ্যোগৰ জৰিয়তে এফালে ৰাজহ অৰ্জন আৰু আনফালে নিবনুৱাক কৰ্মসংস্থাপন দিব পাৰে৷ কিন্তু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সম্ভাৱনীয়তা থকা সত্ত্বেও পৰ্যটন উদ্যোগৰ বিকাশৰ গতি তেনেই লেহেমীয়া৷ ইয়াৰ অন্যতম কাৰণ হ’ল আন্তঃগাঁথনিৰ অভাৱ৷ পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে প্ৰয়োজনীয় যাতায়াত ব্যৱস্থা, থকা-মেলা, খাদ্য আদিৰ সুবিধা সন্তোষজনক নহয়৷ পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ প্ৰচাৰো নাই৷ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাৰে পৰিপূৰ্ণ অঞ্চলসমূহৰ বিষয়ে পৰ্যটকসকলে নজনাটো স্বাভাৱিক৷ এই বাধা আঁতৰাবলৈ ব্যাপক প্ৰচাৰ চলাব লাগিব৷ পৰ্যটকসকল আহিবলৈ, নিৰাপদে থাকিবলৈ সুস্থ বাতাৱৰণ সৃষ্টি কৰিব লাগিব৷ নিয়ম-কানুনৰ ক্ষেত্ৰত শিথিলতা অনাৰ প্ৰয়োজন, যাতে দেশী-বিদেশী পৰ্যটকসকলে জটিলতাত নোসোমোৱাকৈ ভ্ৰমণ কৰিব পাৰে৷ সৰু সৰু পুথি, লিফলেট, বেনাৰ আদিৰ জৰিয়তে বহুল প্ৰচাৰ চলাব লাগিব৷ পৰ্যটনথলীলৈ যাবলৈ হ’লে প্ৰথমেই আহি পৰে যোগাযোগৰ কথা৷ ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত এইক্ষেত্ৰত অসম বহু পিছপৰা৷ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা বহু ঠাইত শোচনীয়া৷ অৱশ্যে ফ’ৰলেনৰ কাম সম্পূৰ্ণ হ’লে উন্নত হ’ব৷ ভাৰতৰ সকলো অঞ্চলৰ পৰা ৰে’লেৰে অসমলৈ অহাৰ পোনপতীয়া সুবিধাও নাই৷ লোকেল ট্ৰেইনৰ সংখ্যাও নগণ্য৷ কম খৰচী, আৰামদায়ক ৰে’ল পৰিভ্ৰমণ ব্যৱস্থাৰ অভাৱে অসমত পৰ্যটনৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলায়৷ বিদেশী পৰ্যটকৰ ক্ষেত্ৰত বিমানবন্দৰৰ পৰা পৰ্যটনথলীলৈ যোৱাৰ সু-ব্যৱস্থা থকাৰ নিতান্তই প্ৰয়োজন৷ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহত টুৰিষ্ট বাছসমূহে যেনেকৈ লৈ যায়, ঠাইসমূহৰ বিষয়ে বুজাই দিয়ে, পুনৰ হোটেলত থৈ যায়- অসমত তেনে ব্যৱস্থাৰ অভাৱ৷ চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডয়ো যদি এইক্ষেত্ৰত আগবাঢ়ি আহে তেতিয়াহে পৰ্যটন উদ্যোগ আগবাঢ়িব৷ লগতে পৰ্যটনস্থলসমূহ সুন্দৰকৈ সজাই-পৰাই তুলিব লাগিব৷ একোখন পৰ্যটনথলীৰ বাসিন্দাসকলেও এইক্ষেত্ৰত সহযোগিতা আগবঢ়াব লাগিব৷ অৱশ্যে এই সকলোখিনিৰ কাৰণে লাগিব বাস্তৱসন্মত পৰিকল্পনা আৰু ইয়াক ৰূপায়ণ কৰা, আইন-শৃংখলা উন্নত কৰি, পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ দৰকাৰ। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই একগোট হৈ গুৰুত্ব আৰোপ কৰিব লাগিব৷ সমগ্ৰ অঞ্চলটোতে শান্তিৰ পৰিৱেশ ৰচনা কৰা উচিত৷ “অতিথি দেৱ ভৱঃ”- গতিকে দেশী-বিদেশী পৰ্যটকসকলক সহায়-সহযোগিতা কৰাটো চৰকাৰৰেই অকল কৰণীয় নহয়, প্ৰত্যেক নাগৰিকৰে কৰণীয়৷ কেৰালাৰ পৰ্যটন উদ্যোগে প্ৰায় ২০ লাখ লোকক কৰ্মসংস্থাপন দিছে৷ কাৰণ পৰিকল্পিতভাৱে পৰ্যটন উদ্যোগ তাত গঢ়ি তোলা হৈছে৷

অৱশ্যে চৰকাৰৰ আশাসুধীয়া প্ৰচেষ্টাত পৰ্যটন উদ্যোগে গতি লাভ কৰিবলৈ সক্ষম হৈছে৷ বহুকেইখন আঁচনিও লৈছে৷ প্ৰচাৰৰ বাববে প্ৰিয়ঙ্কা চোপ্ৰাক ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি দিছে৷ চৰকাৰৰ এই ব্যৱস্থা যাতে সফল হয় তাৰ কামনা কৰিলোঁ৷ অসম পৰ্যটন নিগমৰ নৱনিযুক্ত অধ্যক্ষগৰাকীয়েও পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা ল’ব বুলি কৰা ঘোষণা আদৰণীয়৷ কেন্দ্ৰীয় চৰকাৰৰ ‘পূবলৈ চোৱা’ নীতিৰ আধাৰত উত্তৰ-পূৰ্বাঞ্চল দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত সংযোজিত হ’লে অঞ্চলটোৰ পৰ্যটন উদ্যোগে নতুন মাত্ৰা লাভ কৰিব বুলি আশা কৰিব পাৰি৷ এই সকলোখিনি বাস্তৱত ৰূপায়িত হ’লে অসমৰ পৰ্যটন উদ্যোগে বিশ্ব দৰবাৰত স্থান লাভ কৰিবলৈ সক্ষম হ’ব৷

 

Your Comments

Related Articles