আজি অসমীয়াৰ কাতি বিহু

A

 

নিউজ ডেস্ক :


"তুলসীৰ তলে তলে মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে"।।

পদূলিত কাতি বিহু ।সমূহ অসমবাসী ৰাইজে আজি উদযাপন কৰিব অসমীয়াৰ বাপতি সাহোন কাতি বিহু । প্ৰতিঘৰ অসমীয়াই পুৱাৰে পৰা ঘৰ দুৱাৰ চাফ-চিকুন কৰি ঘৰৰ চোতালত তুলসী পুলি ৰুই মচি কাচি ব্যস্ত হৈ পৰিছে। ক'ভিডে জুৰুলা কৰাৰ পিছত দ্বিতীয়বাৰলৈ অভাৱ অনাটনৰ মাজতে ৰাজ্যবাসীয়ে কাতি বিহু পালন কৰিব ।তুলসীৰ তলত চাকি দি ঘৰৰ সকলো অপায় অমংগল আঁতৰ কৰি সুখ অনাৰ বাবে প্ৰাৰ্থনা জনাব।
পথাৰত জ্বলোৱা আকাশবন্তি গছিয়ে যিদৰে কীট পতংগৰ নাশ কৰি সমৃদ্ধি কঢ়িয়াই আনে , তুলসী তলৰ চাকিগছিয়েও যেন সকলোৰে মনবোৰ পবিত্ৰতাৰে ভৰাই তোলে ।
শেষত , আমি NewsASN ৰ তৰফৰ পৰাও সমূহ অসমবাসী ৰাইজলৈ বাপতিসাহোন বিহুটিৰ শুভেচ্ছা যাচিছোঁ ।চাকিৰ পোহৰে অন্ধকাৰ নাশ কৰি উজ্বলাই তোলক সকলোৰে জীৱন ।

Your Comments