শ্ৰীমন্ত শঙ্কৰদেৱ আঞ্চলিক নামঘৰ উদয়পুৰত উখল মাখল পৰিবেশ

A

 

নিউজ ডেস্ক:

শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক নামঘৰ উদয়পুৰৰ ৩৭ সংখ্যক বাৰ্ষিক অধিবেশন আৰু জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৩ তম্ আবিৰ্ভাৱ মহোৎসৱ  ক’ভিড-সৃষ্ট পৰিবেশৰ বাবে অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়।

উক্ত কাৰ্যসূচীত বাপ বান্ধৱ,আই মাতৃসকলৰ লগতে সকলো শ্ৰেণীৰ লোকে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি নামঘৰত প্ৰৱেশ কৰা দেখা গৈছে ৷

ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ নামঘৰ, সত্ৰ সমূহত এক উখল মাখল পৰিবেশে বিৰাজ কৰিছে।
ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যবাসীয়ে গুৰুজনাৰ এই পবিত্ৰ দিনটো  বিশেষ ভাৱে উদযাপন কৰিছে।
ব্যতিক্ৰম নহয় নলবাৰী জিলাৰ উদয়পুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক নামঘৰো।

পুৱাৰে পৰাই ভক্তই ভিৰ কৰিছেহি উদয়পুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক নামঘৰত।

পৰিচালনা সমিতিৰ সভাপতি বিদিত ডেকা আৰু সম্পাদক কিশোৰ কুমাৰ কলিতাৰ লগতে নামঘৰ পৰিচালনা সমিতিৰ সদস্য সকলে সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি ৰাইজক নামঘৰত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে।

 

B

Your Comments