পৱিত্ৰ ভাদ মাহৰ শেষৰ দিনটো মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ নামত উৎসৰ্গা কৰিব যুৱ সাংসদ গৌৰৱ গগৈয়ে ৷ জগত গুৰুজনাৰ একান্ত সেৱক হিচাৱপ সময়ে সময়ে বিভিন্ন সত্ৰ, নামঘৰত আঁঠু লৈ সমষ্টিবাসীৰ লগতে নিজৰ কুশলাৰ্থে সেৱা জনাই আহিছে ঐতিহ্যমণ্ডিত কলিয়াবৰ সমষ্টিৰ এইজন সাংসদে ৷
জানিব পৰা মতে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখপাত্ৰ তথা পশ্চিমবংগ আৰু আন্দামান নিকোবৰৰ তত্ত্বাবধায়কৰ দায়িত্ববাহী সাংসদ গৌৰৱ গগৈয়ে অতি ব্যস্ত সূচীৰ মাজতে অহা ১৭ ছেপ্টেম্বৰ সোমবাৰে পুৱাৰে পৰা গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থান তথা নৰোৱা কুঁছি সত্ৰ বৈষ্ণৱপুৰ থানত সাংসদ উন্নয়ন পুঁজিৰে দুটাকৈ আঁচনিৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব ৷
সেইদিনা পুৱা ১০ বজাত বৰচিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত নৰোৱা কুঁছি সত্ৰ বৈষ্ণৱপুৰ থানৰ সন্মুখভাগত সাংসদ উন্নয়ন পুঁজিৰ ৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া এটি আটকধুনীয়া প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন কৰি ইতিহাস প্ৰসিদ্ধ থানখনত সেৱা লোৱাৰ লগতে সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ আইসকলৰ স'তে মত বিনিময় কৰিব ৷
ইয়াৰ পিছত প্ৰায় ১২ বজাত সাংসদগৰাকী উপস্থিত হ'ব গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত ৷ থানৰ কীৰ্তন ঘৰৰ মনিকূটৰ কাষতে থকা হাটিপুখুৰীৰ পাৰত সাংসদ উন্নয়ন পুঁজিৰ ১০ লাখ টকা ব্যয়েৰে ভকতসকলৰ বাবে দুটা অত্যাধুনিক হাটিবহাৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিব ৷ এই অনুষ্ঠানৰ পিছত বটদ্ৰৱা থানৰ কীৰ্তন ঘৰত ভাদ মাহৰ নাম সামৰণি উৎসৱত ভাগ লৈ আশিস নিৰ্মালি গ্ৰহণ কৰিব সাংসদ গৌৰৱ গগৈয়ে ৷
উল্লেখ্য যে সময় পালেই গুৰুজনাৰ জন্মস্থানখনিলৈ আহি ভকত, তীৰ্থযাত্ৰীৰ লগতে পৰিচালনা সমিতিৰ সতে মত বিনিময় কৰা ভক্তিপৰায়ণ যুৱ সাংসদগসাকীয়ে সাংসদ উন্নয়ন পুঁজিৰে বটদ্ৰৱাত এটি আটকধুনীয়া আদৰণী তোৰণ নিৰ্মাণ কৰিছে ৷
পৱিত্ৰ ভাদ মাহত জন্ম হোৱা গুৰুজনাৰ একান্ত ভক্ত হিচাপে ইতিমধ্যে পৰিচিত সাংসদ গৌৰৱ গগৈয়ে ৰাজনীতিৰ ব্যস্ততাৰ মাজতে এইবছৰ পৱিত্ৰ ভাদমাহত ঐতিহ্যমণ্ডিত কোচবিহাৰৰ মধুপুৰ সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰ, আঠখেলীয়া বৰনামঘৰ, ভৰালী নামঘৰ আদিত ইতিমধ্যে সেৱা নিবেদন কৰিছে ৷
- Log in to post comments
- 29 views