মঙলবাৰে অসম চুক্তিক লৈ মুখ্যমন্ত্ৰী-আছুৰ বৈঠক

A

নিউজ ডেস্ক:

ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মিলিত হ'ব সদৌ অসম ছাত্ৰৰ সন্থা নেতৃত্বৰে।বিয়লি ৩বজাত কইনাধৰাত অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ বৈঠকখন।অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা, মুখ্য সচিব উপস্থিত থাকিব বৈঠক খনত।

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ প্ৰথমবাৰ অসম চুক্তি সন্দৰ্ভত আছুৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী।

সদৌ অসম ছাত্ৰ সন্থাৰ শীর্ষ নেতৃত্ব উপস্থিত থাকিব লগা বৈঠকখনৰ আলোচনাৰ ওপৰত মঙলবাৰে দৃষ্টি নিবদ্ধ থাকিব ৰাজ্যবাসীৰ।

Your Comments