গো-আইন-২০২১ ৰ বিৰুদ্ধে প্ৰতিবাদ:আইন বাতিল নহলে দিছপুৰত মুখ্যমন্ত্ৰীৰ হাতত গৰু সমূহ গতাই দিয়া হ’ব- অখিল গগৈ

A

B

নিউজ ডেস্ক:


অসম চৰকাৰৰ গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত জোনাইত প্ৰতিবাদ।বিধায়ক অখিল গগৈৰ নেতৃত্বত গো-পালকৰ অংশগ্ৰহনেৰে যৌথ প্ৰতিবাদ।সোমবাৰে পুৱাই সাব্যস্ত কৰে প্ৰতিবাদ।হাতে হাতে গো-আইন বাতিলৰ প্লে-কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ।

'আইনখন কৃষক বিৰোধী।আইন খনে গৰু বিক্ৰী বন্ধ কৰিব।গৰু বিক্ৰী কৰিব নোৱাৰিলে দৰিদ্ৰ কৃষকসকল চলিব কেনেকৈ।গৰু খুটি, গো-পালকৰ অৱস্থা কি হ’ব! গাখীৰ বিক্ৰীৰে গো-পালন কৰা সম্ভৱ নহয়।চৰকাৰক বাৰম্বাৰ এই কথা গো-পালকসকলে কৈ অহাৰ পাছতো কিয় গুৰুত্ব দিয়া নাই’- গগৈয়ে কয়।

'গো-সুৰক্ষা আইন বাতিল কৰি ৰাজ্যৰ প্ৰতিজন ব্যক্তিৰ গৰু বিক্ৰীৰ ব্যৱস্থা চৰকাৰে কৰক।।অন্যথা আইনৰ বিধিত ৰাজ্যৰ খিলঞ্জীয়া গৰু বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়’- বিধায়ক গগৈয়ে।

প্ৰতিবাদস্থলীৰ পৰাই গগৈয়ে হুংকাৰ প্ৰদান কৰি কয়- এই দাবী নামানিলে অহা দিনসমূহত প্ৰতিবাদ বাহাল থাকিব ।পৰৱৰ্তী প্ৰতিবাদ ধেমাজি, গোগামুখ, লখিমপুৰ, মাজুলী, শদিয়াকে ধৰি গো-পালন কৰা প্ৰতিটো অঞ্চলত হ’ব।

আনহাতে, মুখ্যমন্ত্ৰীক সকীয়নী প্ৰদান কৰি অখিলে কয়-"আইন খন বাতিল নকৰিলে গৰুসমূহ দিছপুৰলৈ নি মুখ্যমন্ত্ৰীৰ হাতত চমজাই দিয়া হ’ব"।

প্ৰতিবাদলৈ অহা গো-পালকৰ গাড়ীসমূহ বিজেপি-আৰএছএছে আবদ্ধ কৰি ৰখা বুলিও অভিযোগ তোলে অখিলে।

উল্লেখ্য যে জোনাই উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ সাব্যস্ত কৰে প্ৰতিবাদ।C

Your Comments