খাৰঘুলি ৰেভ পাৰ্টীত ক'কেইন যোগানৰ মূল অভিযুক্ত বিশাল চৌধুৰী গুলীবিদ্ধ

A

নিউজ ডেস্ক:

গুৱাহাটীৰ খাৰঘুলিৰ ৰেভাৰিয়া এপাৰ্টমেণ্টত ৰেভ পাৰ্টীত ক'কেইন যোগানৰ মূল অভিযুক্ত গুলীবিদ্ধ ৷আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত বিশাল  চৌধুৰীক গুলীয়াই আৰক্ষীয়ে। বৰ্তমান গুৱাহাটী  মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন বিশাল।

উল্লেখ্য যে ভৰিত দুটাকৈ গুলী লাগিছে বিশালৰ।১৪ আগষ্টৰ নিশা খাৰঘুলি ৰেভ পাৰ্টীৰ মূল অভিযুক্ত আছিল বিশাল।দিল্লীৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিশালক।

Your Comments