ডিম্পলৰ হত্যাকাৰী আশীক গুপ্তাক দুদিনৰ আৰক্ষী জিম্মালৈ

A

নিউজ ডেস্ক:

উজানবজাৰৰ হত্যাকাণ্ডৰ হত্যাকাৰী  ধৃত আসিক গুপ্তাক আদালতত হাজিৰ।কামৰূপ(ম) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শুকুৰবাৰে লতাশিল আৰক্ষীয়ে হাজিৰ কৰে ধৃত হত্যাকাৰীটোক।
আদালতে দুদিনৰ আৰক্ষী জিম্মা লৈ প্রেৰণ কৰিছে।আৰক্ষীয়ে ৫ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল।

উল্লেখ্য যে বুধবাৰে দিন-দুপৰতে হত্যা কৰিছিল ১৪বছৰীয়া ভগ্নী ডিম্পল কুমাৱতক।নিৰ্মম ভাৱে পতাগুটি, প্ৰেছাৰকুকাৰ আৰু চুৰিৰে হানি-খুচি হত্যা কৰিছিল সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীক।

গুৰুত্বপূৰ্ণ  কথা এই যে হত্যাকাৰী আসিক গুপ্তা আছিল মৃত ডিম্পলৰ জেঠায়েকৰ পুত্ৰ।

Your Comments