কইনাধৰাত অনুষ্ঠিত হিমন্ত কেবিনেটৰ সিদ্ধান্তসমূহ পঢ়ি লওঁক

A

নিউজ ডেস্ক:

গুৱাহাটী কইনাধৰাত প্ৰথমবাৰলৈ অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট।বুধবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।কেবিনেটৰ সিদ্ধান্ত সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ডাঃ সম্ভুধ্ব ধৰক স্নায়ুৰোগ বিশেষজ্ঞৰূপে ঠিকা ভিত্তিত নিযুক্তিৰ সিদ্ধান্ত।

আনহাতে, অৰুণোদয় আঁচনিৰ পুঁজি মুকলিৰ বাবে বিত্ত বিভাগৰ চিলিং নালাগে।বিভাগে প্ৰত্যক্ষ ভাৱে হিতাধিকাৰীৰ একাউণ্টলৈ আঁচনিৰ ধন প্ৰেৰণ কৰিব পাৰিব৷

আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান জনাই ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণ ৷


ক'ৰনাত জিলা উপায়ুক্তসকলে কৰা ৬৬০ কোটি টকাৰ খৰছ মুকলি কৰি দিয়া সিদ্ধান্ত।


ক'ৰনাত মৃত্যু হোৱা ৰাজ্যৰ প্ৰায় ৬৫০০ ব্যক্তিৰ নিকটাত্মীয়লৈ ‘প্ৰাৰ্থনা’ আঁচনিৰ জৰিয়তে ১লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাত কেবিনেটে অনুমতি দিয়ে।অহা ২ অক্টোবৰৰ গান্ধী জয়ন্তীত প্ৰতি জিলাৰ অভিভাৱক মন্ত্ৰীসকলে সংশ্লিষ্ট জিলাসমূহত ধনৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব৷

একেদৰে, আন্তঃৰাষ্ট্ৰীয় বক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শক  নিযুক্তিত অনুমোদন কেবিনেটৰ।অহা ৩ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচীত ক্ৰীড়াবিদ দুগৰাকীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হ’ব৷

Your Comments