উজানবজাৰত লোমহৰ্ষক হত্যাকাণ্ড: পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ দিন দুপৰতে ১৪ বছৰীয়া কিশোৰীক হত্যা দুৰ্বৃত্তৰ

A

নিউজ ডেস্ক:

 

গুৱাহাটী মহানগৰীৰ উজানবজাৰত লোমহৰ্ষক হত্যাকাণ্ড।পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ দিন দুপৰতে দুৰ্বৃত্তই হত্যা কৰিলে ১৪বছৰীয়া কিশোৰীক।বুধবাৰে সংঘটিত হয় এই লোমহৰ্ষক ঘটনাটো।

কিশোৰী গৰাকীৰ মৃতদেহৰ কাষত আৰক্ষীয়ে তেজলগা প্ৰেছাৰকুকাৰ আৰু পতাগুটি উদ্ধাৰ কৰিছে।সেই দিশৰ পৰা সন্দেহ কৰিছে পটাগুটি -প্ৰেছাৰকুকাৰেৰে নিৰ্মমভাৱে কিশোৰী গৰাকীক হত্যা কৰিছে দুৰ্বৃত্তই।

উল্লেখ্য যে কিশোৰী গৰাকীৰ নাম দিম্পল কুমাৱত।ৰাজস্থানত ঘৰ  কিশোৰী গৰাকীৰ ,পৰিয়ালৰ সৈতে ভাড়াঘৰত আছিল উজানবজাৰত ।পুৱা ১০বজাত পিতৃ-মাতৃ দোকানলৈ ওলাই যোৱা পাছতে হত্যা কৰে কিশোৰী গৰাকীক।ভাড়াঘৰৰ কোঠাৰ বাকচ আৰু আলমিৰা খোলা হৈ থকা অৱস্থা পোৱা গৈছে।

গুৱাহাটী ক্লাবৰ এঞ্জেল অব গড স্কুলৰ সপ্তম শ্রেণীৰ ছাত্ৰী আছিল ডিম্পল।

'মোৰ ছোৱালী ঘূৰি-নুফুৰে।গাভৰু হোৱা তিনিবছৰ হৈছিল’- দুৰ্ভগীয়া মাতৃয়ে এইদৰে কয়।

আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ হত্যাকাৰীক বিচাৰি ঘটনাস্থলিত ফৰেনচিক দলে নমুনা সংগ্ৰহ কৰাৰ লগতে স্নিফাৰ ডগৰো সহায় লৈছে আৰক্ষীয়ে।

Your Comments