তিনিমাহত বিধায়কৰ পদ ত্যাগ কৰি ঐতিহাসিক ঘটনা কৰিলোঁ- ফণী তালুকদাৰ

A

নিউজ ডেস্ক :


বিজেপিত আনুষ্ঠানিক যোগদান ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণী তালুকদাৰৰ।দলৰ হেঙেৰাবাৰী ৰাজ্যিক কাৰ্যালয়ত গেৰুৱাবসন পিন্ধে তালুকদাৰে।ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দললৈ আদৰে বিধায়ক গৰাকীক।

'এআইইউডিএফৰ বিধায়ক হোৱাৰ পাছত সত্ৰ-নামঘৰলৈ যোৱাৰ পথ বন্ধ হৈছিল।দোদুল্যমান অৱস্থাত পৰিছিলোঁ, মোৰ লগতে মনোকষ্ট সমষ্টিবাসীয়ে পাইছিলোঁ।বিজেপিৰ কাৰ্যক্ৰমনিকা-আদৰ্শত আপ্লুত হৈ ৩ মাহতে বিধায়ক পদ ত্যাগ কৰি ঐতিহাসিক ঘটনা কৰিলোঁ'- বিজেপিত যোগদান কৰি এইদৰে কয় তালুকদাৰে।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ফণী তালুকদাৰ।আনহাতে, তালুকদাৰ বিজেপিত যোগ দিয়াৰ পাছতে উপ-নির্বাচনৰ আসনৰ সংখ্যা বৃদ্ধি হ'ল ৬খনলৈ।

তালুদাৰৰ যোগদান অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ শীর্ষ নেতৃত্ব।

Your Comments