এআইইউডিএফৰে মিত্ৰতা ভংগৰ পিছতে দিল্লীত অখিলে সাক্ষাৎ কৰিলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক, পঢ়ক

A

নিউজ ডেস্ক:

দিল্লীত নিখিল ভাৰত কংগ্ৰেছৰ শীর্ষ নেতৃত্বৰে বিধায়ক অখিল গগৈৰ বৈঠক।মঙলবাৰে পুৱাতে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে এআইচিচিৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিকৰে বৈঠকত মিলিত হয়।প্ৰায় ১ ঘণ্টাৰো অধিক সময় অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

উল্লেখ্য যে এআইইউডিএফৰে মিত্ৰতা ভংগৰ পাছতে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে মিলিত হয় বৈঠকত।

বিশেষ সূত্ৰৰ খবৰ অনুসৰি কংগ্ৰেছৰ শীর্ষ নেতৃত্বৰে বৈঠকখনত গগৈয়ে মূলত উপ-নির্বাচন সন্দৰ্ভত কৰে আলোচনা।মহাজোটত ৰাইজৰ দল চামিল সন্দৰ্ভত অখিলে স্পষ্ট কৰি কয়- এআইইউডিএফ দলক বিদায় দিলে মহাজোটত ৰাইজৰ দল চামিল হোৱাত আপত্তি নাই।
লগতে উপ-নির্বাচনত বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাৰো আহ্বান জনায় অখিলে।

গুৰুত্বপূৰ্ণ  কথা যে বিগত তিনিদিন ধৰি গগৈয়ে দিল্লীত বাহৰ পাতি আছে।

Your Comments