AIUDFৰে মিত্ৰতা ভংগ কংগ্ৰেছৰ সঠিক সময়ৰ সঠিক ৰাজনৈতিক সিদ্ধান্ত- অখিল গগৈ

নিউজ ডেস্ক :

'কংগ্ৰেছ-এআইইউদিএফৰ মিত্ৰতা ভংগকলৈ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া।'এআইইউদিএফৰ সৈতে কংগ্ৰেছে মিত্ৰতা ভংগ কৰি সঠিক সময়ৰ সঠিক ৰাজনৈতিক সিদ্ধান্ত লৈছে।কংগ্ৰেছৰ সিদ্ধান্তক আমি  আদৰণি জনাইছো ৰাইজৰ দলৰ সভাপতি গগৈয়ে কয়।সামাজিক মাধ্যম ফেচবুকত গগৈয়ে কয়-  কংগ্ৰেছৰ এই সিদ্ধান্তই সঠিক ৰাজনৈতিক পৰিৱৰ্তন আনিব যদিহে প্ৰদেশ কংগ্ৰেছে অসমৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ লগত আন্তৰিকতাৰে মিত্ৰতা কৰে।

উল্লেখ্য  যে ৰাইজৰ দল মহাজোটত অংশীদাৰৰ বাবে এআইইউদিএফক মহাজোটৰ পৰা আঁতৰত ৰখাৰ কথা বিভিন্ন সময়ত কৈ আছিল গগৈয়ে।

ইফালে মঙলবাৰে দিল্লীত কংগ্ৰেছ শীৰ্ষ নেতৃত্বৰে ৰাজ্যৰ উপ-নির্বাচনক লৈ বৈঠকত মিলিত হয় শিৱসাগৰৰ বিধায়ক গৰাকী।

Your Comments