কংগ্ৰেছৰ মিত্ৰতা ভংগৰ সিদ্ধান্ত চৰম ঐতিহাসিক ভুল- আমিনুল ইছলাম

A

নিউজ ডেস্ক :

'মিত্ৰতা ভংগ কংগ্ৰেছৰ চৰম- ঐতিহাসিক ভুল সিদ্ধান্ত।এই মন্তৱ্য এআইইউডিএফ দলৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ।ধৰ্মনিৰপেক্ষ ভোট বিভাজন নকৰাৰ বাবে মিত্ৰতাৰ প্ৰয়োজন।জাতি-জনগোষ্ঠীক ভাগ ভাগ কৰা ৰাজনীতি, সাম্প্ৰদায়িক বিজেপিক প্ৰতিহত কৰাই আছিল মিত্ৰতাৰ উদ্দেশ্য বুলি লগতে তেঁও কয়।

মিত্ৰতা ভংগ কৰাৰ বাবে বিজেপিয়ে অখিল গগৈক ব্যৱহাৰ কৰিছিল।কংগ্ৰেছৰ সিদ্ধান্তত বিজেপি বিজয় হৈছে বুলি কয় ইছলামে।কংগ্ৰেছৰ মাজত বিজেপি এজেণ্ট থকা বুলি লগতে তেওঁ কয়।

মহাজোটৰ অন্য দলসমূহৰ সৈতে আলোচনা নকৰাকৈ একপক্ষকৈ সিদ্ধান্ত লৈ মহাজোটৰ ধৰ্ম ভংগ কৰিছে।ইয়াৰ প্ৰত্যুত্তৰ আগন্তক দিনত ৰাইজে দিব- ইছলামে কয়।

আনহাতে, এআইইউডিএফৰ বিধায়িনী দলৰ দলপতি,সাধাৰণ সম্পাদক হাফিজ বচিৰ আহমেদে কয়-বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক দলক প্ৰতিহত কৰাৰ বাবে গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ দলবোৰ অধিক শক্তিশালি কৰাটো সময়ৰ আহ্বান আছিল।ব্যক্তিগত দুই-এজনে মহাজোটৰ নীতি আদৰ্শৰ পৰিপন্থী উক্তিৰ ওপৰত ভিত্তি কৰি মহাজোটক দূৰ্বল কৰা উচিত নহব।মহাজোটৰ মাজত ভাঙোন সৃষ্টি নকৰি শক্তিশালী কৰাৰ মত পোষণ কৰে দলটোৱে।

উল্লেখ্যে যে সোমবাৰে কংগ্ৰেছৰ নীতি-নিৰ্ধাৰণ কমিটি বৈঠকত মিত্ৰতা ভংগৰ প্ৰস্তাৱ গ্ৰহণ কৰি দিল্লীৰ শীর্ষ নেতৃত্বলৈ প্ৰেৰণ কৰিছে।

Your Comments