এআইইউডিএফৰে মিত্ৰতা ভংগৰ প্ৰস্তাৱ দিল্লীলৈ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ: বিপিএফলৈও জাননী

A

নিউজ ডেস্ক:

এআইইউডিএফৰে মধুচন্দ্ৰিকাৰ অৱসান কংগ্ৰেছৰ বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত মিত্ৰতাৰ পাশত আৱদ্ধ হোৱা আজমল বাহিনীৰে বিচ্ছেদ বিচাৰি দিল্লী হাইকামাণ্ডলৈ বিশেষ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ।সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ নীতি-নিৰ্ধাৰণ কমিটিৰ বৈঠকত লোৱা হয় মিত্ৰতা ভংগৰ প্ৰস্তাৱ।

"এআইইউডিএফৰ শেহতীয়া কাম কাজে হতভম্ব কৰিছে কংগ্ৰেছক।বিজেপিদল আৰু মুখ্যমন্ত্ৰীক অনাহকত ব্যক্তিগত স্বাৰ্থত কৰা ৰাজহুৱা প্ৰশংসাই কংগ্ৰেছ দলৰ ভাৱমূৰ্তি জনমানসত ম্লান কৰিছে"- মিত্ৰতা ভংগ প্ৰস্তাৱত উল্লেখ কৰে কংগ্রেছে।

মহাজোটৰ পৰা এআইইউডিএফক অব্যাহতি দিবলৈ নিখিল ভাৰত কংগ্ৰেছলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা ৰাজহুৱা কৰে উপ-দলপতি ৰকিবুল হুছেইনে।

আনহাতে, মহাজোটৰ অন্যতম অংশীদাৰী দল বিপিএফকো মহাজোটত থকা নথকা সন্দৰ্ভত ৰাজহুৱা তথা লিখিতভাৱে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

Your Comments