ডাম্পাৰ ক্ৰয়ত বীৰ লাচিত সেনা মধ্যস্থতাকাৰী আছিল- প্ৰকাশ বৰুৱা

A

নিউজ ডেস্ক:

'বীৰ লাচিত সেনাই ডাম্পাৰ ক্ৰয়ত মধ্যস্থতাকাৰী আছিল হয়,কিন্তু কোনো নিবনুৱাৰ পৰা টকা খোৱা নাই।প্ৰায় ৯৮ শতাংশ টকা ঘূৰাই দিয়া হৈছে'-সংবাদমেল সম্বোধন কৰি স্বীকাৰোক্তি দিছে সংগঠনটোৰ  সৈনিক প্ৰকাশ বৰুৱাই।শৃংখল চলিহা, ৰণ্টু পানী ফুকনৰ বিৰুদ্ধে ডাম্পাৰ ক্ৰয় কেলেংকাৰীৰ মিছা অভিযোগ তুলি জন-মানসত সংগঠনটোৰ নেতৃত্বক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে চিতু বৰুৱাই।জাতীয়তাবাদীৰ নামত কলংক চিতু বৰুৱা।গুৱাহাটী প্ৰেছ ক্লাৱ সংবাদমেলত কয় বৰুৱাই।

প্ৰয়াত পিতৃৰ নামত চান্দা তুলি ব্যৱসায় কৰাৰো গুৰুতৰ অভিযোগ তোলে চিতু বৰুৱাৰ বিৰুদ্ধে।

উল্লেখ্য  যে শিৱসাগৰত অখিল গগৈক পৰাস্ত কৰাৰ বাবে চিতু বৰুৱাই কাম কৰিছিল।বিধায়ক হিচাপে জয়ী হোৱাৰ পাছত ৫০০ কোটি টকা ঠিকা-ঠুকলিৰ আশাত সুবিধাবাদী স্থিতি লোৱা বুলি তেওঁ লগতে কয়।

শৃংখল চলিহাই খিলঞ্জীয়াৰ স্বাৰ্থত মাত মাতি জেললৈ গৈছিল কিন্তু চিতু বৰুৱাই হোটেলৰ বিল দিব নোৱাৰি কৰ্মচাৰীক কাটা চামুচ মাৰি জেললৈ গৈছিল বুলি প্ৰকাশ বৰুৱাই কয়।

আনহাতে ডাম্পাৰ ক্ৰয় কেলেংকাৰীৰ ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে বীৰ লাচিত সেনাই আইনী ব্যৱস্থা লৈছে ।তাৰ বিচাৰ আদালতত হ’ব।তেওঁ লগতে কয়।

সংবাদমেলত চিতু বৰুৱাক ডাম্পাৰ ক্ৰয় কেলেংকাৰীৰ প্ৰমাণ কৰাৰ দাবী জনায় প্ৰকাশ বৰুৱাই।অন্যথা তাৰ পৰিাণাম ভুগিব লাগিব বুলিও তেওঁ কয়।

সংবাদমেলত উপস্থিত থাকে গুৱাহাটী মহানগৰ সমিতিৰ উপ-সভাপতি কল্যান ভাগৱতী, ঋষিকেশ নাথ।

Your Comments