দিল্লীৰ অসম ভৱনত মন্ত্ৰী পীযুষ হাজৰিকাৰ ওচৰলৈ কিয় গৈছিল অখিল!পঢ়ক

A

নিউজ ডেস্ক:

দিল্লীৰ অসম ভৱনত মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ অখিল গগৈৰ।শিৱসাগৰৰ বিধায়ক গগৈয়ে মন্ত্ৰী গৰাকীৰ সৈতে অসম ভৱনৰ ১০২ নং কোঠাত বৈঠকত বহা বুলিও একাংশ মাধ্যমে প্ৰকাশ কৰিছিল।তেনে সময়ত মন্ত্ৰী হাজৰিকাই কয় 'সাক্ষাৎ নহয়, তেনেকৈ কথাবোৰ ওলালে বেয়া লাগিব।তেওঁ অসম ভৱনত, ময়ো আছিলোঁ।ৰুমলৈ আহিলে চাহ খালোঁ অসমৰ উন্নয়ন   তেওঁৰ সমষ্টিৰ উন্নয়নৰ কথা দুই এটা পাতিছোঁ।কিন্তু বৈঠক বা সাক্ষাৎ নহয়'।

উল্লেখ্য যে ৰাজ্যৰে একাংশ সংবাদ মাধ্যমে মন্ত্ৰী গৰাকীৰে গগৈৰ বৈঠক হোৱা বুলি প্ৰচাৰ কৰিছিল।

Your Comments