প্ৰশান্ত কিশোৰৰ সৈতে কি কথা হ’ল অখিলৰ, পঢ়ক

A

নিউজ ডেস্ক:


দিল্লীত প্ৰশান্ত কিশোৰৰ সৈতে অখিল গগৈৰ গুৰুত্বপূৰ্ণ বৈঠক।তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লবলৈ আহ্বান কৰিছিল গগৈক।কিন্তু কিশোৰৰ আহ্বান নস্যাত কৰি গগৈয়ে কয় যে - "ৰাইজৰ দল’ৰ প্ৰতি জনতাৰ সঁহাৰিৰ পাছত আকৌ পথ সলনি কৰিলে ৰাইজে আঘাত পাব।ৰাইজৰ দল'ৰ পক্ষে তৃণমূল কংগ্ৰেছত অন্তৰ্ভুক্ত হোৱাটো সম্ভৱ নহয়"।

"ৰাইজৰ দলে ২০২৪ চনত নতুন শক্তি হিচাপে ভাৰতবৰ্ষত আহিব খোজে।তাৰ বাবে আঞ্চলিক দল সমূহৰ সহযোগ লাগিব"- বৈঠকত কিশোৰক অৱগত কৰে অখিলে।

কেন্দ্ৰত মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক পৰাভূত কৰিবলৈ মমতা বেনাৰ্জীৰ সৈতে কাম কৰিব লাগিব।তৃণমূল কংগ্ৰেছ আৰু সৰ্বভাৰতীয় কংগ্ৰেছ দল ঐক্যবদ্ধ হৈ নির্বাচন খেলিব লাগে- গগৈয়ে কয়।

আনহাতে, কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোটৰ পৰা এআইইউডিএফ আঁতৰিলে ৰাইজৰ দল চামিল হ’ব বুলিও পুনৰ স্পষ্ট কৰে বিধায়ক গৰাকীয়ে।

'উপ-নির্বাচনত উজনি অসমৰ তিনিটা সমষ্টিত কংগ্ৰেছৰ সৈতে বুজা-বুজিৰে অৱতীৰ্ণ হোৱাৰো ইংগিত দিয়ে অখিলে।


উল্লেখ্য যে ভাৰতীয় ৰাজনীতিৰ চাণক্য হিচাপে বিবেচিত প্ৰশান্ত কিশোৰৰ সৈতে পূৰ্বেও বৈঠকত মিলিত হয় অখিল গগৈ।

Your Comments