
বিশ্বত কমা নাই এতিয়াও ক’ৰ’নাৰ বিভীষিকা ৷ সেই বাবেই নিউজিলেণ্ডত ঘোষণা কৰা হ’ল তিনিদিনৰ সম্পূৰ্ণ লক্ডাউন। মঙ্গলবাৰে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণে ঘোষণা কৰে এই কথা।
উল্লেখ্য যে পূৰ্বতে লক্ডাউন নিদিয়াকৈয়ে পৰিস্থিতি সুস্থিৰ কৰিবলৈ যত্ন কৰিছিল দেশখনে ৷ যোৱা ছমাহৰ ভিতৰত দেশখনত এয়া লক্ডাউন ঘোষণাৰ প্ৰথমটো ঘটনা ৷ মঙ্গলবাৰে ৰাতিৰপৰা কাৰ্যকৰী হ’ব এই লক্ডাউন।
- Log in to post comments
- 14 views