উজবেকিস্তানত দুৰ্ঘটনাত পতিত হয় আফগান বায়ুসেনাৰ বিমান

Aeroplane accident

তালিবানে আফগানিস্থান দখল কৰি লোৱাৰ পিছতে দেশ এৰি পলায়ন কৰিবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰিলে কাবুল বিমানবন্দৰত। ভূতৰ ওপৰত দানহ স্বৰূপে এইবাৰ আফগানিস্থানৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি আছৰাফ গণিৰ নিৰাপত্তাৰক্ষীসকলক লৈ যোৱা বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাত পতিত হয় উজবেকিস্তান সীমান্তত ৷ এই খবৰ প্ৰকাশ কৰি উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখপাত্ৰ বাখৰম জুলফিকাৰভে ৷ খবৰ অনুসৰি ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰীৰ দল।

আফগানিস্থানৰ বাকীসকল জনতাৰ দৰেই আফগান সেনায়ো বৰ্তমান স্থল সীমান্ত পাৰ হৈ তাজাকিস্তান বা উজবেকিস্তানত প্ৰৱেশৰ চেষ্টা চলাই আছে। ইয়াৰ বিপৰীতে আফগান সেনা প্ৰৱেশ কৰিব নোৱাৰাকৈ আফগান–উজবেকিস্তান সীমান্ত আৰু আফগান–তাজাকিস্তান সীমান্তত নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে।

Your Comments