টকিঅ'ত ইতিহাস: অলিম্পিকৰ চেমি ফাইনেলত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোঁহাইৰ

Lovlina Borgohain

টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত জয়ী হ’ল অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই। কোৱাৰ্টাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বিক পৰাস্ত কৰি চেমিফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যা গৰাকীয়ে।

চাইনীজ টাইপেইৰ এন চি চেনক পৰাস্ত কৰিছে গোলাঘাটৰ জীয়ৰী লাভলীনাই।

মহিলাৰ ৬৯কেজি শাখাত অৱৰ্তীন হৈছে লাভলীনা। ৪-১ বৃহৎ ব্যৱধানত জয়ী লাভলীনা। উল্লেখ্য, পূৰ্বতে চীনৰ প্ৰতিদ্বন্দ্বী গৰাকীৰ হাতত বহুবাৰ পৰাস্ত হৈছিল লাভলীনা।

আনহাতে ৪ আগষ্টত চেমি ফাইনেলত অৱৰ্তীন হ’ব লাভলীনা বৰগোঁহাই।

ইফালে কোৱাৰ্টাৰ ফাইনেলত জয়ী হোৱাৰ পিছতে অলিম্পিকৰ পদক লাভ কৰাটো নিশ্চিত হৈছে লাভলীনাৰ।

Your Comments