আৰক্ষী এছক’ৰ্ট লৈ চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডত জি. এম. চি ৰ জাৱৰ নিষ্কাষণ

A

নিউজ ডেস্ক :
গুৱাহাটীত জাৱৰ নিষ্কাষন কৰাৰ এক  বিৰল দৃশ্য।আৰক্ষীৰ এছক'ৰ্ট লৈ গুৱাহাটী পৌৰ নিগমে চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডত পেলালে জাৱৰ।চন্দ্ৰপুৰবাসীৰ তীব্ৰ বিৰোধিতাৰ মাজতে সোমবাৰে অসম আৰক্ষীৰ এক বৃহৎ এছক'ৰ্ট লৈ চন্দ্ৰপুৰলৈ জিএমচিয়ে লৈ যায় জাৱৰসমূহ।

চন্দ্ৰপুৰৰ তাপ বিদ্যুৎ প্ৰকল্পৰ প্ৰস্তাৱিত ভূমিত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন তথা অঞ্চলবাসীয়ে কৰি অহা তীব্ৰ প্ৰতিবাদৰ মাজতে সোমবাৰে জিএমচিয়ে নিষ্কাষণ কৰে মহানগৰী জাৱৰ।

গুৰুত্বপূৰ্ণ কথা ডাম্পিং গ্ৰাউণ্ডলৈ যোৱা সমগ্ৰ পথচোৱাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা গঢ়ি তোলে জিএমচিয়ে।

Your Comments