ক'ভিড পৰিস্থিতিত চিবিএছই-য়ে দশম-দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিল কৰাৰ পিছত চিন্তাত পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ। ক’ভিড পৰিৱেশ সুস্থ হৈ উঠিলে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈ থকা শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিব বৰ্তমানো ল’ব পৰা নাই চূড়ান্ত সিদ্ধান্ত। তাৰ মাজতে চিবিএছই-য়ে পৰীক্ষা বাতিল কৰি চিন্তা অধিক বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয়-ছাত্ৰ-ছাত্ৰীৰ ক্ষতি নোহোৱা কৈ ব্যৱহাৰিক কথা চিন্তা কৰিব লাগিব। প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে শৈক্ষিক বৰ্ষ যাতে ক্ষতি নহয় তাৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰ বাবে চিবিএছই-ৰ নিৰ্দেশলৈ অপেক্ষা কৰিব লাগিব'।
"পূৰ্ব বছৰত উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীৰ হাতত চাৰ্টিফিকেট-মাৰ্ক থাকিব কিন্তু নতুন ছাত্ৰ-ছাত্ৰীৰ হাতত কি থাকিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- মেডিকেল- ইঞ্জিনীয়াৰিঙৰপৰা আৰম্ভ কৰি অন্য সৰ্বভাৰতীয় পৰীক্ষাত অৱৰ্তীন হ’বলৈ কাট অফ্ মাৰ্ক প্ৰয়োজন নহয় বুলি চিবিএছই-য়ে ঘোষণা কৰিলে পৰীক্ষা নপতাকৈ পাৰিম। অন্যথা আমি পাতিব লাগিব। কাৰণ যোৱা বৰ্ষতো পৰীক্ষা আয়োজন কৰিব পৰা নাছিলোঁ।
চৰকাৰখনে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি অভিভাৱকৰ দৰে সিদ্ধান্ত ল’ব লাগিব। চিবিএছই-ৰ গাইড লাইনখন ওলালে অসম চৰকাৰে সিদ্ধান্ত ল’ব পাৰিব- শৰ্মাই কয়।
ইফালে অসমৰ ছাত্ৰ সংগঠন, শিক্ষাবিদৰ সৈতে ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে আলোচনা কৰি চিবিএছই-ৰ গাইড লাইন ওলোৱাৰ পিছত পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
উল্লেখ্য যে চিবিএছই-য়ে ইতিমধ্যে বাতিল কৰিছে দশম আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা। মূল্যাংকণ কিদৰে কৰা হ’ব তাৰ কথা শীঘ্ৰে ঘোষণা কৰিব বুলি চিবিএছই-য়ে জনাইছে ৷
- Log in to post comments
- 32 views