অসমীয়া সাহিত্যৰ বাবে এক ডাঙৰ ক্ষতি। বিশিষ্ট সাহিত্যিক ডঃ লক্ষীনন্দন বৰা আৰু নাই। ক'ৰ’নাত আক্রান্ত হৈ মৃত্যুক সাৱটিলে বৰাই ।
সাহিত্য অকাডেমি বঁটা বিজয়ী তথা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিশিষ্ট সাহিত্যিক গৰাকী ক’ভিডত আক্রান্ত হৈ এক্সেল কেয়াৰ চিকিৎসালয়ত ভৰ্তি হৈ আছিল।চিকিৎসাধীন অৱস্থাতে শেষনিশ্বাস ত্যাগ কৰে বৰাই।
১৯৩২ চনৰ ১৫ জুনত নগাঁৱত জন্ম হৈছিল বিশিষ্ট ঔপন্যাসীক তথা সাহিত্যিক গৰাকীৰ। বৰাই ১৯৮৮ চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০১৫ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল ড° লক্ষ্মীনন্দন বৰাই।
ইয়াৰ উপৰিও তেওঁ লাভ কৰিছিল ২০০৪চনত অসম উপত্যকা বঁটা। নগাঁৱত শিক্ষা জীৱন আৰম্ভ কৰি কটন কলেজ(বিশ্ববিদ্যালয়)ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত কলিকতা প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল বৰাই।সাহিত্যিক বৰাই অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল।
অসম সাহিত্য সভাৰ ১৯৯৬ চনৰ বোকাখাত অধিৱেশত সভাপতিৰ আসন অলংকৃত কৰিছিল বৰাই।
বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সাহিত্যিক গৰাকীৰ শেষকৃত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে।
- Log in to post comments
- 11 views