ক'ৰ'না প্ৰতিৰোধৰ বাবে ঘোষিত কাৰ্ফিউ ভংগকাৰী বিজেপি কৰ্মীক বাধা প্ৰদান কৰি অসম আৰক্ষীৰ পৰা নিলম্বিত হ'ল গীতানগৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক ফুলেশ্বৰ কোঁৱৰ। কাৰ্ফিউ চলি থকাৰ সময়ত চাইকেল চলাই ঘুৰি ফুৰা বিজেপি কৰ্মীক এছআই গৰাকীৰ নেতৃত্বত কৰ্তব্যৰত অৰ্ধসামৰিক বাহিনীয়ে বাধা প্ৰদান কৰাৰ বাবে চাকৰিৰ পৰা নিলম্বন হ’ব লগা হ’ল জ্যেষ্ঠ উপ-পৰিদৰ্শক গৰাকী।
উল্লেখ্য যে, যি সময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ক’ভিড প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিছিল, তেনে সময়ত প্ৰট'কল ভংগকাৰীক বাধা প্ৰদান কৰি আৰক্ষী বিষয়া চাকৰিৰ পৰা নিলম্বিত হ’ব লগা কাৰ্যই আৰক্ষী বিষয়া-জোৱানৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব।
নিলম্বিত উপ-আৰক্ষী পৰিদৰ্শক কোঁৱৰে প্ৰকাশ কৰা অনুসৰি- “২৮ মে'ৰ সন্ধিয়া প্ৰায় ৮বজাত কাৰ্ফিউ চলি আছে। কাৰ্ফিউ সফল কৰিবলৈ জু-তিনিআলিত আৰক্ষীয়ে কৰ্তব্য পালন কৰিছে। তেনে সময়ত এজন ব্যক্তি চাইকেল চলাই ঘুৰি ফুৰিছিল। আৰক্ষীৰ সৈতে থকা চিআৰপিএফে ব্যক্তিজনক ৰ’বলৈ দিয়ে আৰু ব্যক্তিজনে চিআৰপিএফৰ সৈতে নিজকে বিজেপি কৰ্মী বুলি পৰিচয়েৰে তৰ্কত লিপ্ত হয়। তেনে সময়ত চিআৰপিএফে চাইকেল আৰোহী গৰাকীক প্ৰহাৰ কৰে। কিন্তু প্ৰহাৰৰ সময়ত অ'চি ছাৰৰ নিৰ্দেশমৰ্মে দিছপুৰ দিশৰপৰা অহা গাড়ী সমূহ তালাচী চলাই আছিলোঁ। তেনে সময়ত কৰ্তব্যত নিয়োজিত হোমগাৰ্ড এজনে দৌৰি গৈ খবৰ দিয়ে চিআৰপিএফৰ লগত তৰ্ক হোৱাৰ কথা। কনিষ্টবল সঞ্জীৎ সিং আৰু মই দৌৰি আহিলোঁ আৰু তিনিটা মান কোব আৰোহী গৰাকীক মৰা দেখিছোঁ। কি হ’ল কি হ’ল বুলি আহি সুধিলোঁ ৷ চিআৰপিএফৰ জোৱান কেইজনে বিজেপিৰ পৰিচয় দি বেয়া ব্যৱহাৰ কৰা বুলি কয়। মই মানুহজনক চিনি পালোঁ প্ৰবীণ বৈশ্য। পলম নকৰি ১১২ খবৰ কৰি অ'চি ছাৰৰ ওচৰলৈ মানুহজন পঠিয়াই দিওঁ। পুনৰ মই ডিউটি কৰি থাকোঁ। ৰাতি ৯.৪০মান বজাত থানাত আহোঁ ৷ তেতিয়া অ'চি ছাৰ নাছিল। থানাত থকা হোমগাৰ্ড কমলক সুধিলো মানুহ জন গ’ল নেকি! কিবা কেচ ল’লে নেকি?বুজাবুজিৰ মাধ্যমেৰে ছাৰৰ আগত ভুল স্বীকাৰ কৰিলে,কোনো অভিযোগ নাই বুলি কোৱাত কেচ নল’লে বুলি জানিবলৈ দিয়ে কমলে। ১০ বজাত মই ঘৰলৈ যাওঁ ।ভাত-পানী খাই উঠাৰ পিছত ১১.৩০ বজাত অ'চি ছাৰে ফোন কৰিলে মোক থানালৈ মাতিলে ৷ তেতিয়া থানাত এডিচিপি তামুলী ছাৰ আছিল ৷ মই গ’লো। কথাখিনি সুধিলে, মই সবিশেষ ক’লো। মই মৰাও নাই, ধৰাও নাই কেৱল দেখা পাই গাড়ীত থানালৈ পঠাই দিছিলোঁ।ছাৰ গুচি গ’ল।
ইফালে পিছদিনা ছাৰে আকৌ ডিচিপি ছাৰে কিবা কথা পাতিব বুলি তালৈ পঠিয়াই দিয়ে। ডিচিপি ছাৰক সাক্ষাৎ কৰিবলৈ উলুবাৰীলৈ যাওঁ। ছাৰকো কথা খিনি ক’লো। তাৰ পৰা ওলাই থানালৈ আহিবলৈ লওঁতে অ'চি ছাৰে ফোন কৰি আকৌ ৰিজাৰ্ভৰ ডিচিপি ছাৰৰ ওচৰলৈ যাবলৈ কয়। বাহিৰে বাহিৰে তালৈ যাওঁ। ৰিজাৰ্ভত ছাৰক নাপালোঁ।আৰঅ’য়ে ছাৰ ওলাই যোৱা বুলি ক’লে আৰু অলপ বঢ়িবলৈ দিলে ৷তেওঁ মোক ক’লে আপোনাক নিলম্বিত কৰা হৈছে কপি এটা লৈ যাওঁক। কি কাৰণত, ভুল শুদ্ধ কোনো বিচাৰ নাই একো তদন্ত নাই , ঘপকৈ নিলম্বন কৰিলে যে বুলি প্ৰশ্ন কৰো,তেওঁ কয় মইনো কি কম যি নিৰ্দেশ দিছে সেইমতে মই আপোনাক অৰ্ডাৰটো দিলোঁ বুলি কয়' ৷ এইদৰে বৰ্ণনা কৰে এছ আই কোঁৱৰে।
গুৰুত্বপূৰ্ণ কথা যে, মহানগৰীৰ গীতানগৰ থানাৰ নিলম্বিত এছআই গৰাকীৰ চাকৰিৰপৰা অৱসৰ ল’বলৈ মাত্ৰ ২ বছৰ ১০ মাহ আছিল। চাকৰিৰ কাৰ্যকালত কোনো দিনে বেয়া ৰেকৰ্ড নাই বুলিও তেওঁ কয়।
- Log in to post comments
- 48 views