ক'ৰ'নাত বিধ্বস্ত গুৱাহাটীৰ কেব চালকসকলে চৰকাৰৰ ওচৰত উত্থাপন কৰা দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে অসম জাতীয় পৰিষদে। দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কেবচালক সকলৰ দাবীক সমৰ্থন জনাই কয়- মহানগৰীত কেব চালক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা যুৱকসকল ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সমূহৰ সন্তান৷ নিজকে খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে খিলঞ্জীয়া কেব চালকসকলৰ সমস্যাসমূহ সমাধান কৰি জাতিৰ প্ৰতি থকা দায়বদ্ধতা প্ৰমাণ কৰা উচিত'।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিটোত ভূঞাই কয়- ক’ভিড অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ ফলত ৰাজ্যৰ যিকেইটা খণ্ডৰ লোক সৰ্বাধিক পৰিমাণে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ কেব চালকসকল অন্যতম৷ বেংকৰ পৰা লোৱা ঋণেৰে গাড়ী কিনি অ'লা, উবেৰ, ৰেপিড' আদি কোম্পানীৰ অধীনত ভাৰা মাৰি পৰিয়াল চলাই থকা কেব চালকসকলৰ সংখ্যা ৮ হাজাৰতকৈও অধিক৷ ক'ৰ’না ৰোধৰ বাবে চৰকাৰে আৰোপ কৰা সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত কেব চালক সকল আৰ্থিক ভাৱে জুৰুলা হৈছে। ফলত তেওঁলোকে গাড়ীসমূহ ক্ৰয় কৰিবলৈ লোৱা বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ ঘূৰাই দিবলৈ চিন্তা কৰিব লগীয়া হৈছে। কাৰণ পূৰ্বৰ দৰে তেওঁলোকে ভাৰা মাৰিবও পৰা নাই। কিন্তু ঋণ দাতা প্ৰতিষ্ঠানে কেবচালকসকলক মাহিলী কিস্তি আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰিছে। সেই কথাত গুৰুত্ব প্ৰদান কৰি চৰকাৰে কেবচালক সকলৰ ঋণ মাফ কৰিব লাগে'।
গুৰুত্বপূৰ্ণ কথা, যোৱা বৰ্ষৰ ক'ৰ’নাৰ প্ৰথম লহৰত নিবনুৱা এইসকল কেব চালকৰ ৬-৭ মাহৰ মাহিলী কিস্তি অনাদায় হৈ আছিল। যিটো বোজা তেওঁলোকে আজিলৈকে মূৰৰ ওপৰৰ পৰা আঁতৰাব পৰা নাই৷ পুনৰ ক'ৰ’নাৰ দ্বিতীয় লহৰে তেওঁলোকৰ ওপৰত আন এটা অসহনীয় বোজা জাপি দিছে। তেনে ক্ষেত্ৰত আৰ্থিক ভাৱে সহায় কৰক এই সকল কেবচালকক- ভূঞাই লগতে কয়।
উল্লেখ্য যে, কেব চালকসলৰ সংগঠন সদৌ অসম কেব মজদুৰ সন্থাই বুধবাৰে কামৰূপ (ম) জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰি কিছুমান দাবী উত্থাপন কৰে। তাৰ ভিতৰত কেব চালকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা, ক'ভিড ভেক্চিন প্ৰদান কৰা, বেংকৰ কিস্তিৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা, ঋণৰ অতিৰিক্ত সুত ৰেহাই দিয়া আৰু মিটাৰ টেক্সি ব্যৱস্থা প্ৰৱৰ্তন কৰা। সন্থাৰ দাবীসমূহ চৰকাৰে তৎকাল ভাৱে পূৰণ কৰিব লাগে বুলিও ভূঞাই কয়।
- Log in to post comments
- 21 views