নির্বাচনৰ প্ৰাক্ক্ষণত ৰাজ্যৰ নিযুক্তি প্ৰাপ্ত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহাৰ অনুমোদন বিত্তীয় বিভাগৰ। নিম্ন প্ৰাথমিকৰ ৪২৪৩ গৰাকী আৰু উচ্চ প্ৰাথমিকৰ ৬৮৯২ গৰাকী নৱনিযুক্ত শিক্ষকৰ পাৰিতোষিক অনুমোদন দিয়াৰ কথা ঘোষণা কৰিলে বিত্তীয় মন্ত্ৰী অজন্তা নেওঁগে।
উল্লেখ্য চলিত বৰ্ষৰ জানুৱাৰী মাহত নিযুক্তি লাভ কৰিছিল এইসকল টেট উৰ্ত্তীণই। নির্বাচনী অধিসূচনা জাৰি হোৱাৰ বাবে ব্যাহত হৈছিল পাৰিতোষিকৰ প্ৰক্ৰিয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে জুন মাহত দৰমহা লাভ কৰাকৈ বিত্তীয় বিভাগে পুঁজি অনুমোদন দিয়াৰ কথা ঘোষণা কৰে।
- Log in to post comments
- 22 views