ক'ৰ'না পৰিস্থিতি উন্নত হ'লে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। বিষয় সংকুচিত কৰি শিক্ষা বিভাগে অনুষ্ঠিত কৰিব পৰীক্ষা।পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈ আছে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ- এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৱে।
পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ কোনো কাৰণ নাই। স্বাস্থ্য বিভাগৰ অনুমতি লাভ কৰিলেই ১৫ দিনৰ ভিতৰত অনুষ্ঠিত হ’ব স্থগিত পৰীক্ষা। এই কথা জানিবলৈ দি মন্ত্ৰী গৰাকীয়ে কয়- চিবিএছচিৰো সংকুচিত হ’ব বিষয়। বিষয় সংকুচিত হ’লেও প্ৰশ্ন কাকতৰ আৰ্হি কিন্তু একেই থাকিব ।পূৰ্বৰ আৰ্হিতে অনুষ্ঠিত হ’ব পৰীক্ষা। সংকুচিত নহয় প্ৰশ্ন কাকত ৷
পৰীক্ষা জুলাইত নহ’লে আগষ্টত অনুষ্ঠিত হ’ব সেয়া নিশ্চিত বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে কয়।
একাদশ শ্রেণীৰ নামভৰ্তি ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহক বৰ্তমান বন্ধ ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিছে শিক্ষা বিভাগে।
উল্লেখ যোগ্য যে, ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্যত স্থগিত ৰখা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।
- Log in to post comments
- 24 views