দুগ্ধ উদ্যোগৰ বিকাশত গুৰুত্ব দিয়ক অসম চৰকাৰে

diary

সমৰ গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নৰ বাবে গো-পালন আৰু দুগ্ধ উৎপাদনে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে৷ দেশৰ বহুকেইখন ৰাজ্যই ইতিমধ্যে এই ক্ষেত্ৰত গুৰুত্ব দি এক শ্বেত বিপ্লৱৰ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে৷ পূৰ্বৰ চৰকাৰসমূহে এই ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও দুৰ্নীতি, অপশাসন আৰু পৰিকল্পনাৰ অভাৱত দুগ্ধ উদ্যোগে গতি ল’ব নোৱাৰিলে৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত গাখীৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিলে ৰাজ্যখনৰ বৃহৎ অংশৰ সংস্থাপনৰ লগতে গ্ৰাম্য অর্থনীতিৰ উ্ত্তৰণ আৰু কাৰ্যসূচীক গুৰুত্ব দি অসম চৰকাৰে এক ইতিবাচক কার্যসূচী গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিলোঁ৷

gir
গিৰ...

দুগ্ধ উদ্যোগৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ দিশটো হ’ল গাখীৰ উৎপাদন কৰা গৰুৰ জাত বাছনিৰ দিশটো৷ দুগ্ধ উৎপাদন তথা গৰু পালনৰ বিষয়টো আলোচনা কৰিবলৈ যাওঁতে অসমৰ দৰে ৰাজ্যত দুবিধ গৰুক গুৰুত্ব দিয়া পৰিলক্ষিত হয়৷ অসমৰ পশু পালন বিভাগৰ দ্বাৰা যোগান ধৰা জাত হ’ল জাৰ্চি আৰু ফিজিয়ান জাৰ্চি গৰুৰ প্ৰজাতিটো বিশেষকৈ ইংলেণ্ডৰ অতি ঠাণ্ডা দেশৰ প্ৰজাতি হোৱাৰৰ বাবে আমাৰ দেশৰ জলবায়ুৰ বাবে ইয়াৰ পোৱালি ডাঙৰ কৰাটো অতি কঠিন কাম৷ জাৰ্চি গৰুৰ প্ৰতি ১০টাৰ ৪টা বা ৫টা জন্মৰ ৬ দিনৰ পৰা ডেৰমাহৰ ভিতৰত মৃত্যৃ হয়৷ আনহাতে, প্ৰতি ১০টা জাৰ্চি পোৱালিৰ ৮টামান মতা পোৱালি হয়৷ যিকেইজনী চেউৰী হয় তাৰে বেছিভাগৰে গৰ্ভধাৰণত অধিক বিলম্ব হয়৷ ফলত গো-পালকৰ লোকচান হয়৷ জাৰ্চি গৰুৰ গাখীৰত ফেটৰ পৰিমাণ কিছু কম হোৱাৰ বাবে গাখীৰৰ মূল্য্ কম পোৱা যায়৷ জাৰ্চি গৰুৱে ৪ বা ৫টা পোৱালি দিয়েই সক্ষমতা হেৰুৱায়৷ অসম চৰকাৰে গুৰুত্ব দিয়া ফিজিয়ান জাতটোও জাৰ্চিৰ দৰেই অতি ঠাণ্ডা জলবায়ুত থকা গৰুৰ জাত৷ সকলো দিশ জাৰ্চিৰ নিচিনা বৈশিষ্ট্য সম্পন্ন৷ লক্ষণীয় বিষয় হ’ল, ফিজিয়ান জাতৰ গৰুৰ ১২টা পোৱালিৰ ১১টা মতা পোৱালি হয়৷ ইয়াৰ পোৱালিৰ পৰা প্ৰাপ্তবয়স্কলৈকে মৃত্যুৰ হাৰ সৰ্বাধিক৷ প্ৰাপ্তবয়স্ক গাই অসুস্থ হ’লে সুস্থ কৰাটো বৰ কঠিন কাম৷ পশুপালনৰ বিশেষঞ্জসকলে এই বিষয়টোত অধিকভাৱে গৱেষণা কৰা প্ৰয়োজন আছে৷ দুগ্ধ উদ্যোগৰ লগতে গো-পালকসকলৰ যদি লাভেই নহয়, এনে প্ৰজাতিৰ গৰুক গুৰুত্ব দিয়াৰ যুক্তি কি?

sahiwal
ছাহিৱাল...

ভাৰতত দুবিধ উৎকৃষ্ট জাতৰ গৰু পোৱা যায়৷ এবিধ গিৰ (Gir) আৰু আনবিধ ছাহিৱাল (Sahiwal) ৷ দেশৰ বহুকেইখন ৰাজ্যই এই দুবিধ গৰুক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ গিৰ জাতৰ গৰু ঘাইকৈ গুজৰাটৰ গিৰ হাবিৰ তথা সোমনাথৰ৷ এই জাতৰ গৰু দেখাত বলধ গৰুৰ দৰে আৰু দীঘল শিঙৰ হয়৷ শুকান খেৰ আৰু খাদ্যৰে এই গৰু পালন কৰিব পৰা যায়৷ ইয়াৰ কাণ দুখন ডাঙৰ আৰু হাউলি থকা৷ গিৰ জাতৰ গৰুৰ পোৱালিৰ মৃত্যুৰ হাৰ শূন্যৰ ঘৰত৷ এই জাতৰ গৰুৱে ২২ৰ পৰা ৩০ লিটাৰ গাখীৰ দিয়ে৷ গাখীৰত ফেটৰ পৰিমাণ বেছি হোৱাৰ বাবে বজাৰত মূল্যও বেছি পোৱা যায়৷ অসমৰ জলবায়ু গিৰ জাতৰ গৰুৰ বাবে উত্তম৷ অসমত ইতিমধ্যে গুৱাহাটী আৰু ৰঙিয়া অঞ্চলৰ গো-পালকে গিৰ জাতৰ গৰু পালন কৰি লাভৱান হৈছে৷ ৰঙিয়াত ব্যক্তিগত ক্লিনিক খুলি পশু চিকিৎসা কৰা পশু চিকিৎসকে গিৰৰ পোৱালি জন্ম দিয়াইছে৷

ছাহিৱাল
ছাহিৱাল

ছাহিৱাল জাতটো ঘাইকৈ পাকিস্তানৰ৷ দেশৰ দুগ্ধ উৎপাদনৰ আগশাৰীৰ ৰাজ্যকেইখনে ছাহিৱাল জাতৰ গৰু পালন কৰিবলৈ আৰম্ভ কৰিছে, এনে গৰুৰ চেহেৰা অতি আকৰ্ষণীয়৷ চাফ-চিকুণকৈ থাকিব বিচৰা ছাহিৱাল জাতৰ গৰুৰ আন বৈশিষ্ট্যসমূহ গিৰৰ দৰেই৷ আয়ুসকাল ২৪ বছৰ৷ ১৪টাৰ পৰা ১৬টালৈকে পোৱালি হয়৷ প্ৰতি ১০টা পোৱালিৰ ৮টামান চেউৰী হোৱা দেখা যায়৷ যি দুটামান দমৰা হয়, সেইকেইটাও উৎকৃষ্ট মানৰ বলধ হয়৷ এনে অৱস্থাত অসমৰ পশুপালন বিভাগে কেৱল বিদেশী গৰুক পুহিবলৈ পো-পালকসকলক বাধ্য কৰিব বিচৰাটো সমীচিন হোৱা নাই৷ অধিক দুগ্ধ উৎপাদন কৰা ৰাজ্যসমূহৰ পৰা অসম চৰকাৰে পৰামৰ্শ গ্ৰহণ কৰিব লাগে৷ আমাৰ বিশ্বাস– অসম চৰকাৰে গিৰ আৰু ছাহিৱাল জাতৰ গৰুৰ জাত চৰকাৰীভাৱে যোগান ধৰিলে অসমৰ গো-পালকে এইক্ষেত্ৰখনক বহু আগলৈ নিব পাৰিব৷ অসমত দুগ্ধ উদ্যোগ তথা শ্বেত বিপ্লৱে গতি ল’ব৷ আমাৰ প্ৰস্তাৱ হ’ল- অসমত দুগ্ধ উৎপাদনেৰে গ্ৰাম্য অৰ্থনীতি উত্তৰণৰ বাবে অসম চৰকাৰে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰক৷

Your Comments