ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি খাদ্য অপচয়ৰ শীৰ্ষত ভাৰত

Hunger

ভাৰতত দাৰিদ্ৰ এক চিৰসঙ্কট। এই দেশৰ অগণন মানুহে আজিও দুবেলা পেট ভৰাই খাবলৈ নাপায় । অথচ এনে এখন দেশেই খাদ্য অপচয়ৰ ক্ষেত্ৰত শীর্ষ স্থানত আছে!

wastage of food and hunger

হয়, এই কথা গম পোৱা গ’ল এটা ৰিপৰ্টৰপৰা । নিজৰেই এক শাখা সংগঠন WRAP-ৰ সৈতে যৌথ ভাৱে ৰাষ্ট্ৰসংঘই (United Nations Environment Programme/ UNEP) এই ৰিপ’ৰ্টটো প্ৰস্তুত কৰিছে।  তাৰপৰাই এই তথ্য তুলি অনা হৈছে। UN report-টো ২০২১-ৰ ফুড ৱেষ্ট ইনডেক্স সংক্রান্তীয় (Food Waste Index Report 2021) আছিল।

wastage of food

জানিবলৈ পোৱা গৈছে, বার্ষিক খাদ্য অপচয়ৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ বৃহৎ দেশসমূহকো টক্কৰ দিছে ভাৰতে। যি বছৰ বিশ্বব্যাপী ৯৩.১ কোটি টন খাদ্য নষ্ট হৈছে, সেই বছৰ কেৱল ভাৰততেই ৬.৮৭ কোটি টন খাদ্য নষ্ট হৈছে! আমেৰিকাকো পিছ পেলাই দিছে ভাৰতে।

hunger

সমীক্ষা অনুসৰি, ২০১৯ চনত সমগ্ৰ বিশ্বত যিমান পৰিমাণ খাদ্য প্ৰস্তুত হৈছে, তাৰ মুঠ ১৭ শতাংশ নষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰতবৰ্ষত সকলোতকৈ বেছি খাদ্য নষ্ট হৈছে। ৰাষ্ট্ৰসংঘৰ এই সমীক্ষাত যি তথ্য দাঙি ধৰা হৈছে, এই তথ্য দেশৰ পক্ষে যে যথেষ্ট আতঙ্ক-সৃষ্টিকাৰী তাক লৈ কোনো সন্দেহ নাই।

অন্য এক ৰিপ’র্ট অনুসৰি, ২০১৯ চনত বিশ্বত ৬৯ কোটি মানুহ অনাহাৰৰ কবলত পৰিছিল। কৰ’নাৰ ফলত লকডাউনত সেই পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। এই পৰিস্থিতিত খাদ্য নষ্টৰ তথ্য যথেষ্ট দুর্ভাগ্যজনক।

Your Comments