সোমবাৰে ৰাজ্যজুৰি 'আছু'ৱে দাহ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি। দেওবাৰে শুৱালকুচিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা আছু কর্মীক সোণোৱালৰ গৃহ বিভাগৰ আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰে আছুৱে। মহানগৰ আৰক্ষীৰ সন্মুখতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই লতাশিলৰ শ্বহীদ ন্যাসৰ সমীপত সোমবাৰে দাহ কৰে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি।
আৰক্ষীৰ বাধা স্বত্বেও আছুৱে ৰাজপথত দাহ কৰে প্ৰাক্তন সতীৰ্থগৰাকীৰ প্ৰতিমূৰ্তি। সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, বিজেপি হায় হায়, কা' আমি নামানো, মুখ্যমন্ত্ৰী হুচিয়াৰ ধ্বনিত উত্তাল হয় শ্বহীদ ন্যাসৰ সন্মুখভাগ। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন কয়- "প্ৰাক্তন সতীৰ্থৰ ফেচিষ্ট আচৰণত লজ্জিত আছু।আন্দোলন কৰি মুখ্যমন্ত্ৰী হোৱা সোণোৱালে আজি গণতান্ত্ৰিক আন্দোলনক আৰক্ষী লগাই দমন কৰিছে।মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰিব লাগে তেওঁ।" "আছু কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব মুখ্যমন্ত্ৰীগৰাকীক"-হুছেইনে লগতে কয়। উল্লেখ যে ইয়াৰ পূৰ্বে যোৱা ২২ জানুৱাৰীত তেজপুৰত প্ৰতিবাদী আছু কর্মীৰ ওপৰত আৰক্ষীয়ে লাঠীচার্জ কৰিছিল।
- Log in to post comments
- 13 views