ৰাইজৰ দল-এজেপিৰ মিত্ৰতাৰ বীজ অংকুৰিত মৰণৰ ৰাজনৈতিক অভিৱৰ্তনত

Pic

*অখিল গগৈ জেলত থকা প্ৰতিটো দিনৰ হিচাপ '২১ত জনতাই দিব- চিত্তৰঞ্জন বসুমতাৰী, এজেপি সম্পাদক*

সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিক উৎখাতৰ লক্ষ্যৰে একত্ৰিত হ'ব নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল।২০২১ৰ নির্বাচনত বিজেপি, কংগ্ৰেছ- AIUDFৰ দৰে শক্তিসমূহক ৰুধিবলৈ ইতিমধ্যে কৌশল ৰচনা কৰিছে দুই নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলে।

উল্লেখ যে এজেপি-ৰাইজৰ দলৰ ঐক্যবদ্ধ ৰাজনৈতিক মিত্ৰতাৰ বীজ অংকুৰিত আহোম পথাৰত।শনিবাৰে ৰাইজৰ দলৰ প্ৰথম ৰাজনৈতিক অভিৱৰ্তনৰ মুকলি সভা কাৰ্যসূচীত এজেপিৰ পৰা উপস্থিত থাকিল সম্পাদক চিত্তৰঞ্জন বসুমতাৰী।এজেপি আৰু ৰাইজৰ দলৰ।নেতৃত্বই বিভিন্ন সময়ত মিত্ৰতাৰ কথা ঘোষণা কৰি আহিছিল আৰু তাৰে প্ৰথমটো আৰম্ভণি ঘটিল ঐতিহাসিক অভিৱৰ্তনখনত ।

কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মাতৃ কাষত বহি এজেপি সম্পাদক বসুমতাৰীয়ে কয়-"অখিল গগৈক জেলত থকা প্ৰতিটো দিন, প্ৰতিটো চেকেণ্ডৰ হিচাপ ,'২০২১ৰ নিৰ্বাচনত জনতাই দিব।ৰাইজৰ দল-এজেপি একলগ হৈ ৰাজ্য আঞ্চলিক শক্তিসমূহক ঐক্যবদ্ধ কৰা হ'ব।"

কংসই দৈৱকীক অত্যাচাৰ কৰি জেলত বন্দী কৰি ৰাখিছিল।তাৰ পিছতো কৃষ্ণৰ।জন্ম হৈছিল।কৃষ্ণ-জন্মত কোনেও বাধা দিব পৰা নাছিল।ঠিক একেদৰে অসমৰ আঞ্চলিকতাবাদ কৃষ্ণ আৰু অখিল গগৈ দৈৱকী'-বসুমতাৰীয়ে কয়।

ইফালে দলটোৰ সভাপতি অখিল গগৈৰ।সুস্বাস্থ্য কামনা কৰি সু-পৰিকল্পিত  ৰাজনৈতিক দলটোক আগুৱাই নিয়াৰ আহ্বান জনায় সম্পাদকগৰাকীয়ে)

খবৰ অনুসৰি মাঘ বিহুৰ পিছতে ৰাইজৰ দল আৰু এজেপি আনুষ্ঠানিকভাৱে মিত্ৰাপাশত আৱদ্ধ হ'ব।

Your Comments