ASTCৰ চমক,পুৰণি ৰঙা বাছত নতুন গুলপীয়া ৰং:মহিলা-বয়োজ্যেষ্ঠলৈ বিনামূলীয়া বাছসেৱাৰ শুভাৰম্ভণি

Pic

দিল্লীৰ কেজৰিৱাল চৰকাৰৰ আৰ্হিত অসমতো আৰম্ভ হ'ল গুলপীয়া বিনামূলীয়া বাছসেৱা।অসম চৰকাৰৰ ৰাজ্যিক পৰিবহন নিগমে গুৱাহাটীৰ ৰাজপথত মহিলা আৰু বয়োজ্যেষ্ঠৰ সুবিধা হোৱাকৈ দেওবাৰৰ পৰা চলাচল কৰাব এই বাছসেৱা।শনিবাৰে খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফ্লেগ দাঙি শুভাৰম্ভ কৰে বাছসেৱাৰ‌।পৰিবহন নিগমৰ অভিলাসী পদক্ষেপক আদৰণি জনাইছে মহিলা আৰু বয়োজ্যেষ্ঠ বাছযাত্ৰীয়ে।স্বাভাৱিকতে গুৱাহাটী মহানগৰীত চিটিবাছসমূহত হোৱা অভাৱনীয় ভিৰ বহু পৰিমানে হ্ৰাস কৰিব গুলপীয়া বাছসেৱাই।কিন্তু তাপৰ্যপূৰ্ণ প্ৰশ্ন এয়ে যে কিমানদিনলৈ চলাচল কৰি থাকিব বিনামূলীয়া বাছসমূহ।কিয়নো দিল্লী চৰকাৰে গুলপীয়া বাছসেৱাত সংযোজন কৰিছিল নতুন বাছ।কিন্তু অসম চৰকাৰৰ ৰাজ্যিক পৰিবহন নিগমে বিনামূলীয়া গুলপীয়া বাছসেৱাত সংযোজন কৰা বাছসমূহ নতুন নহয়।নিগমৰ পুৰণি ৰঙা বাছত নতুন গুলপীয়া ৰং লগাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পৰিবহন বিভাগে মহানগৰীৰ মহিলা আৰু বয়োজ্যেষ্ঠৰ বাবে শুভাৰম্ভ কৰিলে বিনামূলীয়া বাছসেৱাৰ।

প্ৰথম অৱস্থাত ২৫খন গুলপীয়া বাছ চলাচল কৰিব গুৱাহাটীৰ বিভিন্ন পথত।জনালে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

গুলপীয়া বাছসেৱাৰ অধিকাংশ বাছ পুৰণি বুলি পোহৰলৈ অহাত যাত্ৰীসকলৰ মনলৈ প্ৰশ্ন আহিছে।যাত্ৰা কিমান নিৰাপদ হ'ব এই বাছসমূহত।সচেতন ৰাইজৰ মনত সৃষ্টি হৈছে প্ৰশ্নৰ-নিৰ্বাচনী দেওনা পাৰ হবলৈ পৰিবহন নিগমে চমক সৃষ্টি আখৰা কৰিছে নেকি?

গুলপীয়া বাছ সেৱাৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টাচাৰ্যও উপস্থিত থাকে।

Your Comments