বাৰ্ড ফ্লু',বহি:ৰাজ্যৰ হাঁহ-কুকুৰাৰ আমদানি বন্ধ:ভোগালী বিহুত নাটনি হ'ব মাংসৰ!

Pic

*ৰাজ্যৰ চাহিদা পূৰাবলৈ নিতৌ ১০টন কুকুৰাৰ আমদানি হৈছিল- মনোজ শইকীয়া*

'বাৰ্ড ফ্লু'ৰ সংক্ৰমণ ৰোধিবলৈ পশু পালন আৰু চিকিৎসা বিভাগে ৰাজ্যত বন্ধ কৰিলে বহি:ৰাজ্যৰ হাঁহ-কুকুৰাৎ আমদানি।পশুধন নিগমৰ আবেদনৰ ভিত্তিত অসম চৰকাৰে শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আমদানি বন্ধৰ কথা এক নিৰ্দেশনাৰ জৰিয়তে প্ৰকাশ কৰিছে। উল্লেখ যে ৰাজ্যত বৰ্তমানো বাৰ্ড ফ্লু ধৰা পৰা নাই যদিও সাৱধানতা অৱলম্বনৰ স্বাৰ্থত আমদানি বন্ধ কৰা বুলি জানিবলৈ দিয়ে পশুধন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়াই।ৰাজ্যৰ হাঁহ-কুকুৰা পালক, ফাৰ্মৰ গৰাকীসকলৰ স্বাৰ্থতে আগতীয়াকৈ গ্ৰহণ কৰা হৈছে এই তৎপৰতা।

Pic

গুৰুত্বপূৰ্ণ যে ৰাজ্যত মাংসৰ চাহিদা পূৰণ কৰিবলৈ বহি:ৰাজ্যৰ পৰা দৈনিক আমদানি হয় ১০টন কুকুৰা।তেনে পৰিপ্ৰেক্ষিতত হঠাৎ নিগমে আমদানি বন্ধ কৰাত আগন্তক দিনত ৰাজ্যত মাংসৰ তীব্ৰ নাটনি হোৱা পূৰ্ণ সম্ভাৱনা আছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুত ৰাজ্যৰ বজাৰত মাংস আমদানি বন্ধ কৰাৰ ফল ভুগিব জনতাই।এই কথা প্ৰকাশ কৰিছে গুৱাহাটীৰ একাংশ মাংস বিক্রেতাই।

উল্লেখ যে পশুধন নিগমে ৰাজ্যৰ কৃষকে উৎপাদন কৰা কুকুৰা মাংসৰে মাঘ বিহুত গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পৰা হ'ব বুলি উল্লেখ কৰিছে যদিও মাংসৰ সৈতে জড়িত ব্যৱসায়ীসকলে পশুধন বিভাগৰ সেই কথা নস্যাৎ কৰিছে।একাংশ বিক্রেতাই কয়-"ৰাজ্যত বৰ্তমান উৎপাদন হোৱা কুকুৰা মাংসৰে গ্ৰাহকৰ চাহিদা পূৰণ কৰিব নোৱাৰাৰ বাবে দৈনিক আমদানি কৰিব লগা হয় বৃহৎ পৰিমাণৰ কুকুৰাৰ।"

Your Comments