কামৰূপৰ শিঙিমাৰীত জগদ্ধাত্ৰী পূজাৰ আয়োজন

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ শিঙামাৰীৰ ৩৭১ নং শিঙিমাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত অহা ২০ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ পাঁঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ আয়োজন কৰা হৈছে বুলি সভাপতি হৰেণ  বৰ্মন আৰু সম্পাদক প্ৰণৱ বৰ্মনে জনাইছে ৷ ২০ নৱেম্বৰত দেৱীৰ বোধন,আমন্ত্ৰণ,আয়তীৰ নাম-প্ৰসংগ,২১ নৱেম্বৰত আইসকলৰ পানী তোলন,দেৱীৰ নৱ পত্ৰিকা প্ৰৱেশ,২২ নৱেম্বৰত দেৱীৰ মহাষ্টমী পূজা,নাম - প্ৰসঙ্গ,আৰতি,পুৰুষৰ নাগাৰা নাম ৷ ২৩ নৱেম্বৰত মহানৱমী পূজা,আইসকলৰ নাম-প্ৰসঙ্গ,সম্বৰ্ধনা মহাশান্তি,মহাভোগ আদি বিতৰণ,মহিলাৰ নাম,আৰতি।২৪ নৱেম্বৰত হনুমান পূজা,দশমী পূজা,ঘট বিসৰ্জন।বিয়লি দেৱীৰ  প্ৰতিমা লৈ শোভাযাত্ৰা,প্ৰতিমা বিসৰ্জন আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।জগদ্ধাত্ৰী পূজা উপলক্ষে সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যেক্তা সমিতিয়ে ৷ আনহাতে,শিঙিমাৰী বৰচুপা শিৱ মন্দিৰতো ২০ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ পাঁঁচদিনীয়াকৈ আয়তীসকলৰ নাম-প্ৰসঙ্গ,ওজাপালি,নাগাৰা নাম আদি অনুৰূপ কাৰ্যসূচীৰে সাৰ্বজনীন শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজাৰ আয়োজন কৰা হৈছে বুলি সভাপতি জ্যেতিষ কুমাৰ বৈশ্য আৰু সম্পাদক সঞ্জীৱ বৰ্মনে জনাইছে।
 

Your Comments