শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত,জিলা তথ্য আৰু জনসংযোগ বিভাগ,শিৱসাগৰ প্ৰেছ ক্লাব আৰু শিৱসাগৰ ই-মিডিয়া সংস্থাৰ সহযোগত ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়।
শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত জিলা ভিত্তিত উদযাপিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে।
শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই আঁত ধৰা সাংবাদিক ভৈৰৱ মুণ্ডাই উদেশ্য বাখ্যা কৰা প্ৰেছ দিৱসৰ কাৰ্যসূচীত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক শোভিত ছেত্ৰীয়ে 'সংবাদ মাধ্যমৰ ওপৰত ক'ভিড-১৯ অতিমাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা' শীৰ্ষক বক্তৃতা প্ৰদান কৰে।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক আব্দুল জেলিল,সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বুৰঞ্জীবিদ প্ৰেম গগৈ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি চমু বক্তব্য আগবঢ়ায়।
- Log in to post comments
- 12 views