হাজোত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে বিনামূলীয়া পাঠদানৰ শুভাৰম্ভ সমাজকর্মী দুলু আহমেদৰ 

হাজো

হাজোৰ পৰা কমলাকান্ত দাস:

বৃহত্তৰ হাজো সমষ্টিৰ অন্তৰ্গত আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া ছাত্ৰ- ছাত্ৰীসকলৰ বাবে ইংৰাজী আৰু গণিত বিষয়ত সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদানৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে সমাজকর্মী দুলু আহমেদে।ক'ৰ'না মহামাৰীয়ে সর্বস্বান্ত কৰা ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ এই পৰীক্ষাৰ বাবে সাজু কৰি তুলিবলৈ বিনামূলীয়া পাঠদানৰ ১৭ নৱেম্বৰত শুভাৰম্ভ কৰে সমাজকর্মী আহমেদে।তদুপলক্ষে আজি বিয়লি হাজোৰ বৰুৱাবাৰী স্থিত দুলু আহমেদৰ নিজ বাসগৃহত অনুষ্ঠিত হয় এটা শুভাৰম্ভণী অনুষ্ঠান।জিতেন্দ্ৰ ভৰালীৰ পৌৰোহিত্বত অনুষ্ঠিত সভাত বৃহত্তৰ হাজো অঞ্চলৰ প্ৰায় দুই শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে।উল্লেখ যে হাজোৰ ভিন্ন প্ৰান্তৰ সাতটাকৈ বিনামূলীয়া পাঠদান কেন্দ্ৰত প্ৰধানকৈ ইংৰাজী আৰু গণিত বিষয় দুটাৰ বিশেষভাৱে অভিজ্ঞ শিক্ষকৰ জৰিয়তে ক'ভিড প্ৰটকল পালন কৰি বিনামূলীয়াকৈ পাঠদান কৰা হ'ব।প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা ১১ বজালৈ আৰু বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ দুঘণ্টাকৈ দুটা গ্রুপত পাঠদান অনুষ্ঠিত হ'ব।হাজো সমষ্টিৰ অন্তৰ্গত আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা গ্ৰহণ কৰিব পাৰিব।

Your Comments