সদৌ অসম চৰকাৰী এনপিএচ কৰ্মচাৰী সন্থাৰ বৰপেটা জিলা সমিতি গঠন

Barpetaroad

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

বিগত ২০০৫ চনৰ ১ ফেব্রুৱাৰী তাৰিখৰ পৰা অসম চৰকাৰৰ অধীনত নিযুক্তি লাভ কৰা সকলো বিভাগৰ বিষয়া, চিকিৎসক, অভিযন্তা, শিক্ষক, কৰ্মচাৰীসকলক ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী(NPS)ৰ আওতালৈ অনাৰ ফলত সেই কৰ্মচাৰীসকলে পুৰণি পেঞ্চন ব্যবস্থাৰ সুফলৰ পৰা বঞ্চিত হবলগীয়া হৈছে। তেনে যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকে উৰ্ধতম ২,০০০(দুই হাজাৰ) টকালৈ মাহিলী পেঞ্চন পাই আছে। ফলত এই অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে বৰ্তমানে কৰ্মৰত কৰ্মচাৰীসকলৰ বাৰ্ধক্যলৈ অন্ধকাৰ নামি অহাৰ সম্ভাবনা প্ৰকট। সেয়েহে, এই অন্যায়মূলক নতুন এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীৰে আন্দোলন চলাই যোৱা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ বৰপেটা জিলা সমিতিখন মঙলবাৰে গঠন কৰা হয়। এই উদ্দেশ্যে বৰপেটাৰোড সাহিত্য সভা ভৱনত বিএইছ মহাবিদ্যালয়ৰ প্ৰবক্তা ড°হেমন্ত ডেকাৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। সন্থাৰ কেন্দ্রীয় সমিতিৰ হৈ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে আব্দুৰ ৰৌফ, সাংগঠনিক সম্পাদক ছামচুল হক, কামৰূপ (গ্ৰাম্য) জিলাৰ সম্পাদক অপূৰ্ব শৰ্মা আৰু ৰঙিয়া জিলা সম্পাদক নৱকুমাৰ দাসে ৷ সভা পৰ্যাবেক্ষক আব্দুৰ ৰৌফে এনপিএছ ব্যৱস্থাৰ ক্ষতিকাৰক দিশসমূহ উনুকিয়াই দি ইয়াৰ ভয়াবহতাৰ কথা সবিস্তাৰে উল্লেখ কৰে ৷ সভাই NPS বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা(OPS) পুনৰ প্ৰৱৰ্তন কৰিবলৈ দাবী উত্থাপন কৰে। জিলাখনৰ বিভিন্ন বিভাগৰ প্ৰায় শতাধিক কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ড° হেমন্ত ডেকাক সভাপতি, কুলেন চৌধুৰীক কাৰ্যকৰী সভাপতি, ড° মইনুল হক আৰু ড° ভৱানন্দ দেৱনাথক উপ-সভাপতি, জাহিদুল ইছলাম মিৰ্ধাক সাঃ সম্পাদক, প্ৰণৱজ্যোতি ভূঞা, মহম্মদ আলী আৰু মনজিৎ পাঠকক সম্পাদক,
মোজাম্মিল হক আৰু মমিষ্ঠা দত্তক সাংগঠনিক সম্পাদক, ডঃ জামাদুল ৰহমানক কোষাধ্যক্ষ, মেছেৰ আলী আহমেদ আৰু নবীন শৰ্মাক প্ৰচাৰ সম্পাদক হিচাপে লৈ বৰপেটা জিলা সমিতিখন  গঠন কৰা হয়। পৰৱৰ্তী সময়ত সমিতিখন বৰ্ধিত আকাৰত আৰু কিছু নতুন সদস্য লৈ গঠন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ নৱগঠিত জিলা সমিতিয়ে সন্থাৰ দাবীসমূহ পুৰণৰ ক্ষেত্রত বৰপেটা জিলাৰ সকলো বিভাগৰ NPSৰ আওতাত থকা সকলো কৰ্মচাৰীৰ সহযোগিতা কামনা কৰে। 

Your Comments