দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৭ নৱেম্বৰঃ
যোৱা ১৫ নবেম্বৰত দক্ষিণ কামৰূপৰ মিৰ্জাৰ 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিক মিলন মহন্তক একাংশ জুৱাৰীয়ে আক্ৰমণ কৰি শাৰীৰিক নিৰ্যাতন কৰাৰ ঘটনাৰ প্ৰতিবাদত আজি ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
সাংবাদিকৰ ওপৰত চলা এই ধাৰাবাহিক আক্ৰমণে অশুভ ইংগিত বহন কৰি আাহিছে। সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক এনেবোৰ ঘটনা ৰোধৰ ক্ষেত্ৰত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ নলবাৰী জিলা সমিতিয়ে৷এই ক্ষেত্ৰত ইণ্ডিয়ান জাৰ্ণে লিষ্ট।এছ’চিয়েচনৰ নলবাৰী জিলা সমিতিৰ সভাপতি ওৱাহিদুজ জামান আৰু সাধাৰণ সম্পাদক চন্দন শৰ্মা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ যোগেদি আজি এই ঘটনাৰ নিৰপেক্ষ তদন্ত বিচাৰিছে আৰু অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহাৰ দাবী জনায়।লগতে,সাংবাদিকৰ ভবিষ্যত জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায়৷
- Log in to post comments
- 20 views