নলবাৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন 

National Press Day

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১৬ নৱেম্বৰঃ

আজি সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত নলবাৰী উপায়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত প্ৰেছ দিৱসৰ কাৰ্যসূচীত 'সংবাদ মাধ্যমৰ ওপৰত ক'ভিড-১৯ মহামাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ ভূমিকা' শীৰ্ষক আলোচনা-চক্ৰত অংশ লৈ 'নিয়মীয়া বাৰ্তা'ৰ সম্পাদক নৰেশ কলিতাই কয়-"ক'ভিড মহামাৰী সম্পৰ্কত ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু চৰকাৰৰ লগতে সংবাদ মাধ্যমেও গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ উপৰিও জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে।"নলবাৰীৰ উপায়ুক্ত পূৰবী কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই সভাত নলবাৰীৰ বিধায়ক অশোক শর্মাই ভাষণ দি কয় যে গণতন্ত্ৰত সংবাদপত্ৰই চিৰজাগ্ৰত প্ৰহৰী হিচাপে কাম কৰি আছে।

Ghagrapar

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনু ৰাজবংশীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত প্ৰবীন তথা বর্ষীয়ান সাংবাদিক যাদৱ সেন ডেকাই তেওঁঁৰ সাংবাদিক জীৱনৰ অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰি নিজৰ বক্তব্য প্ৰদান কৰে ৷ এই প্ৰেছ দিৱসতেই জিলাখনৰ  সাংবাদিকসকলক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় জিলা প্ৰশাসন আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ে।

Your Comments