কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত মুকলি হ'ল জীপ চাফাৰী

Kaziranga

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত ১৫ নৱেম্বৰৰপৰা পৰ্যটকৰ বাবে মুকলি হ'ল জীপ চাফাৰী।কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগে নাৰিকল ভাঙি আৰু মন্ত্ৰী কেশৱ মহন্তই ফিটা কাটি মুকলি কৰে জীপ চাফাৰী।ইয়াৰে পিছতে চিৰাং পাহাৰত পৰ্যটকৰ বাবে পোন প্ৰথমবাৰৰ বাবে ব্যৱস্থা কৰা ট্ৰেকিঙৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  উচ্ছেদিত ভূমি বান্দৰদোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই চলিত পৰ্যটন বৰ্ষৰ পৰা আৰম্ভ কৰিলে জীপ চাফাৰীৰ ব্যৱস্থা।

Jeep Safari

জীপ চাফাৰী মুকলি অনুষ্ঠানত মহকুমাধিপতি বিতোপন নেওগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰকে ধৰি বন বিভাগৰ বিষয়াসকল,অভিনেত্ৰী আশা বৰদলৈ উপস্থিত থাকে।

 

Your Comments