জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি শুৱালকুছি সাংবাদিক সন্থাৰ প্ৰতিবাদ 

Suwalkusi

মৃণাল ডেকা,শুৱালকুছি,১৫ নৱেম্বৰ :

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ জ্যেষ্ঠ  সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুত মৰ্মাহত অসমৰ সংবাদজগত।পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি আজি শুৱালকুছি সাংবাদিক সন্থাৰ উদ্যোগত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ঐতিহাসিক শুৱালকুছিৰ গান্ধী আশ্ৰমত মহামানৱ মহত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ক’লা বেজ পৰিধান কৰি  হাতে হাতে প্লে-কাৰ্ড লৈ দুঘণ্টীয়া মৌন প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰীসকলে পৰাগ ভূঞাৰ  ৰহস্যজনক মৃত্যুৰ ন্যায় লাগে,সাংবাদিক হত্যাৰ বিচাৰ লাগে,জাতি-মাটি-ভেটিৰ শ্লোগান দিয়া চৰকাৰে সাংবাদিকক সুৰক্ষা দিয়ক  আদি শ্লোগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদ্য বিদায়ী কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই তেওঁৰ বক্তব্যত কয় যে ৰাজ্যৰ বিজেপি নেতৃত্বৰ মিত্ৰজোঁঁটৰ চৰকাৰে সাধাৰণ জনতাক জাতি-মাটি ভেটি সুৰক্ষা দিয়াৰ দূৰৰ কথা,সাংবাদিকসকলকে সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে ৷ সাম্প্ৰতিক সময়ত চৰকাৰখনে অতি সাম্প্ৰদায়িক মন্তব্য দি অসমৰ সাতামপুৰুষীয়া বান্ধোন ছিগিবলৈ খোজাৰো অভিযোগ তোলে।প্ৰতিবাদ থলীত কামৰূপ জিলা সাংবাদিক সন্থাৰ নৱ-নিৰ্বাচিত সহঃ সম্পাদক দিপাংকৰ শৰ্মা,শুৱালকুছি সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি হৰি প্ৰসাদ দাসেও পৰাগ ভূূঞাৰ ৰহস্যজনক মৃত্যুৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।আনহাতে,ৰাজ্য চৰকাৰক জ্যেষ্ঠ সাংবাদিক পৰাগ ভুঞাৰ পৰিয়ালৰ লোকক ২৫ লাখ টকাৰ একালীন সাহৰ্য্য হিচাপে দিবলৈ দাবী জনায় শুৱালকুছি সাংবাদিক সন্থাই।
 

Your Comments