ঘগ্ৰাপাৰত অৰ্ধশতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান:ছটা উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিলে বিধায়ক অশোক শৰ্মাই

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,১২  নৱেম্বৰঃ

কংগ্ৰেছে বিগত ১৫ বছৰে শাসনৰ গাদীত থাকি উন্নয়নৰ পিনে পিচ দি কেৱল আধাৰশিলাৰ ৰাজনীতিতে সীমাবদ্ধ আছিল।তেওঁলোকৰ শাসনকাল গ্ৰামাঞ্চলত কোনো ধৰণৰ উন্নয়ন নহল।কংগ্ৰেছৰ শাসনকালত আধাৰশিলা স্থাপন কৰা কোনো এখন আঁচনিয়ে ৰূপায়ণ নহ'ল।সম্প্ৰতি আধাৰশিলাৰ ফলকসমুহ হাবি-জংঘলে  আগুৰি থকা দেখা গৈছে।এইদৰে মন্তব্য কৰি বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে আজি নলবাৰীৰ বিধায়ক অশোক শৰ্মা সৰৱ হৈ পৰে।আজি নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অধীনৰ ঘগ্ৰাপাৰ গাঁও পঞ্চায়তত ৬  টাকৈ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে বিগত ১৫ বছৰীয়া শাসনকালত গ্ৰামোন্নয়নৰ প্ৰতিটো আঁচনিতে মন্ত্ৰী-বিধায়কৰ পৰা নেতা -পালিনেতালৈকে আটায়ে মিলি লুটৰাজ চলাইছিল বুলি মন্তব্য কৰে।বিধায়কগৰাকীয়ে আজি চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত ধনেৰে পঞ্চায়তখনৰ অন্তৰ্গত ঘগ্ৰাপাৰ দামোদৰ ধাম পথৰ পৰা ঘগ্ৰাপাৰ ছোৱালী হাইস্কুল সংযোগী পথ,ঘগ্ৰাপাৰ হাইস্কুলৰ শ্ৰেণী কোঠাৰ মেৰামতি,বিলপাৰ গাঁৱৰ কৃষ্ণ গুৰু সেৱ আশ্ৰমৰ চৌহদৰ চাৰিবেৰ নিৰ্মাণ,গলিয়া গোপাল মন্দিৰৰ সভা গৃহ উন্নয়ন,চিলিং গাঁৱৰ লক্ষ্মী মন্দিৰ সভাগৃহ নিৰ্মাণ আৰু লাটিমা গাঁৱৰ শংকৰ নামঘৰৰ গাৰ্ড ৱাল নিৰ্মাণৰ শুভাৰম্ভনী কৰে।ইফালে,পঞ্চায়তখনৰ অন্তৰ্গত নিজখগটা,বুৰবুৰী,কঞাজেনী,নিমুৱা,নিজবড়িগোগ,চিলিং আদি গাঁৱৰ অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকে বিজেপিৰ নীতি -আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে।

Ghagrapar

চিলিং মধ্য ইংৰাজী বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হোৱা বিজেপিৰ সাংগঠনিক সভাখনত সদ‍্য যোগদানকাৰীসকলক বিধায়ক অশোক শৰ্মা, ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালী,উপসভানেত্ৰী বিনীতা মজুমদাৰ, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱা,বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,প্ৰাক্তন সভাপতি মৃদুল কলিতা,সাধাৰণ  সম্পাদক মৃগেন শৰ্মা,  সম্পাদক শ‍্যামন্ত শৰ্মা,প্ৰাক্তন সাধাৰণ সম্পাদক চন্দন ডেকা,বড়িগোগ বনভাগ মন্ডল যুৱ মৰ্চাৰ  সভাপতি সুৰেশ কলিতা,প্ৰাক্তন সভাপতি গৌতম কাকতি,সাধাৰণ সম্পাদক কুলদ্বীপ কলিতা,নলবাৰী যুৱ মৰ্চাৰ সভাপতি হেমন্ত বৰ্মন,নলবাৰী জিলা বিজেপিৰ সম্পাদক দ্বিপেন কলিতা আদিয়ে আদৰণি জনায়।

Your Comments