বঙাইগাঁৱৰ চাপৰাকাটাৰ তেল ডিপোত ডকাইতি 

Bongaigaon

*কৰ্মচাৰীক মাৰ-ধৰ কৰি কাঢ়ি নিলে ধন*

*চিচিটিভি কেমেৰাত বন্দী হৈ ৰল ঘটনাৰ দৃশ্য*

#বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাস্থিত এটা তেল ডিপোত বুধবাৰে পুৱতি নিশা এটা ডকাইতি কাণ্ড সংঘটিত হয় ৷ চোকা অস্ত্ৰ লৈ অহা আঠ- ন জনীয়া ডকাইতৰ দলে চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা বৰ্মন অটো চাৰ্ভিছ ষ্টেচন নামৰ ইণ্ডিয়ান অইলৰ ডিপোটোৰ নিকুঞ্জয় বৰ্মন নামৰ কৰ্মচাৰী এজনক মাৰ -ধৰ কৰি কাঢ়ি নিয়ে নগদ ধন ৷ এই ঘটনাই ইতিমধ্যে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা সন্দৰ্ভত তেল ডিপোটোৰ কৰ্মচাৰীজনে জানিবলৈ দিয়া মতে ঘটনাটো পুৱতি নিশা ৪ঃ ৩৫ মান বাজিছিল।

বঙাইগাঁও

এনে সময়তে এখন সামগ্ৰী কঢ়িওৱা ডি আই বাহন তেল ডিপোটোত আহে আৰু পাঁচ শ টকাৰ তেল ভৰাই দিবলৈ কয় ৷ তেল ভৰাই দিয়াৰ পিচতে বাহনখনৰ পৰা কেইবাজনো দুৰ্বৃত্ত নামি আহে আৰু কৰ্মচাৰীজনক মাৰ- ধৰ কৰি ধন দাবী কৰে ৷  ডকাইতৰ দলৰ সদস্যৰ লগত দা- খুকুৰী আছিল ৷ কৰ্মচাৰীজনে ধন নাই বুলি কোৱাত কিছু সময় পূৰ্বে তিনিখন ডাম্পাৰে তেল ভৰাই লৈ যোৱা টকা কি হ'ল বুলি কৈ কৰ্মচাৰীজনক মাৰ- ধৰ কৰাৰ লগতে লগত থকা ৪৭ হাজাৰ ৫৪৯ টকা কাঢ়ি লৈ  বলপূৰ্বকভাৱে  বাহনখনত উঠাই লয় ৷ ইপিনে কৰ্মচাৰীজনৰ চিঞৰ শুনি নৈশ চকীদাৰ বিজয় বৰ্মন আগবাঢ়ি আহে যদিও ডকাইতৰ দলে বিজয় বৰ্মনক খেদি যায় আৰু বাহিৰৰ লাইট বন্ধ কৰি দিবলৈ কয় ৷ তেতিয়া চকীদাৰজনে জেনেৰেটৰ কোঠালৈ যোৱাত কোঠাৰ ভিতৰতে চকীদাৰ বিজয় বৰ্মনৰ হাত বান্ধি থৈ বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি আৱদ্ধ কৰি থয় ৷ ইয়াৰ পিচতে ডকাইতৰ দলটো বাহনত উঠি ৰাখালডুবিৰ দিশে আঁতৰি যায় ৷ প্ৰায় এক কিলোমিটাৰমান যোৱাৰ পিচত ইতিপূৰ্বে গাড়ীত উঠাই লোৱা তেল ডিপোটোৰ কৰ্মচাৰী নিকুঞ্জয় বৰ্মনক গাড়ীৰ পৰা গুৰিয়াই পেলাই থৈ যায় ৷ ডকাইতৰ দলটোৰ প্ৰহাৰত কৰ্মচাৰীজন আহত হয় ৷ আনহাতে জেনেৰেটৰ কোঠাত আৱদ্ধ কৰি থৈ যোৱা চকীদাৰজনে কোনোমতে হাতৰ বান্ধ খুলি কোঠাৰ ভেণ্টিলেটৰ ভাঙি বাহিৰলৈ ওলাই আহে ৷ পিচত ঘটনাৰ খবৰ পাই আৰক্ষীৰ দল উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে ৷ উল্লেখ্য যে ডকাইতি কাণ্ডৰ দৃশ্য তেল ডিপোৰ চি চি টিভি কেমেৰাত বন্দী হৈ ৰয় ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ডিপোটোৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা বঙাইগাঁও থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷

 

Your Comments